অসম

assam

ETV Bharat / science-and-technology

5G Speed in India: ১১৫ শতাংশলৈ বৃদ্ধি পালে মোবাইল নেটৱৰ্ক স্পীড, G-20 দেশক অতিক্ৰম ভাৰতৰ

ডাউনলোডৰ স্পীডৰ ক্ষেত্ৰত ভাৰতে এতিয়া বহু জি-২০ ৰাষ্ট্ৰক অতিক্ৰম কৰিছে । জনাই দিও যে যে এতিয়া ভাৰতত মোবাইল নেটৱৰ্ক স্পীড ১১৫ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে । সবিশেষ পঢ়ক...

By

Published : Mar 1, 2023, 5:45 PM IST

With mobile data speed rising 115% amid 5G play India ahead of some G20 nations
১১৫ শতাংশলৈ বৃদ্ধি পালে মোবাইলৰ স্পীড, G-20 দেশক অতিক্ৰম ভাৰতৰ

নিউজ ডেস্ক, 1 মাৰ্চ: শেহতীয়াকৈ প্ৰকাশিত নেটৱৰ্ক স্পীড টেষ্ট ছাইট Ooklaৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে ভাৰতত 5G ৰকেটৰ গতিবেগত চলি আছে । স্পীড টেষ্ট গ্ল’বেল ইনডেক্সত ভাৰতৰ স্থান ভাল হৈ আহিছে, সোঁৱৰাই দিয়ক যে ২০২৩ চনৰ জানুৱাৰী মাহত ভাৰত ৬৯ নম্বৰ স্থানত আছিল যদিও এতিয়া ভাৰতত 5Gৰ জ্বলন্ত গতিৰ বাবে ভাৰতে ৪৯ নম্বৰ স্থানত উপনীত হৈছে । এই পৰিসংখ্যা দেখি গম পোৱা যায় যে ভাৰত এতিয়া ৰাছিয়া আৰু আৰ্জেণ্টিনাৰ দৰে জি-২০ ৰাষ্ট্ৰতকৈ আগবাঢ়ি গৈছে(5G Download Speed)।

Jio 5G vs Airtel 5G Speed

ৰিলায়েন্স জিঅ’ আৰু এয়াৰটেলৰ ৫জি স্পীড তুলনা কৰি নিজৰ প্ৰতিবেদনত কয় যে, ২০২৩ চনৰ জানুৱাৰী মাহত জিঅ’ ৫জি সেৱা ব্যৱহাৰ কৰা ব্যৱহাৰকাৰীসকলে হিমাচল প্ৰদেশত গড় ডাউনলোড স্পীড ২৪৬.৪৯এমবিপিএছ লাভ কৰিছিল(5G Speed)। একে সময়তে কলকাতাত ৫০৬.২৫এমবিপিএছ পৰ্যন্ত গতি ৰেকৰ্ড কৰা হৈছিল ।

আনহাতে, এয়াৰটেল 5G ব্যৱহাৰকাৰীসকলে প্ৰথমে কলকাতাত গড় ডাউনলোড স্পীড ৭৮.১৩এমবিপিএছ আৰু দিল্লীত ২৬৮.৮৯এমবিপিএছ উপভোগ কৰিছিল(G20 nations)।

ডাঙৰ লোকচানৰ সন্মুখীন হৈছে Vi

প্ৰতিবেদনৰ পৰা এইটোও জানিব পৰা গৈছে যে টেলিকম কোম্পানী ভোডাফোন আইডিয়া ওৰফে Viএ যোৱা এটা বছৰত অৰ্থাৎ ২০২২ চনত অহৰহ ব্যৱহাৰকাৰী হেৰুৱাইছে আৰু 5G সেৱা আৰম্ভ হোৱাৰ পিছত ব্যৱহাৰকাৰীয়ে ক্ৰমান্বয়ে Vodafone Idea এৰিছে ।

ভাৰতে এই G20 ৰাষ্ট্ৰসমূহক অতিক্ৰম কৰিছে

মোবাইল স্পীড পাৰফৰমেন্সৰ কথা ক’বলৈ গ’লে ভাৰতে 5G Speed ৰ ক্ষেত্ৰত ৰাছিয়া, আৰ্জেন্টিনা, মেক্সিকো, শ্ৰীলংকা, বাংলাদেশ, পাকিস্তান আৰু ইণ্ডোনেছিয়াতকৈ আগবাঢ়ি গৈছে । ওকলাই প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত 13.87Mbpsৰ পৰা ১১৫ শতাংশ বৃদ্ধি পাই চলিত বৰ্ষৰ জানুৱাৰী মাহত 29.85Mbps হৈছে ।

লগতে পঢ়ক:ISRO Chandrayaan 3 : চন্দ্ৰযান ৩ অভিযানৰ বাবে ইছৰোৰ ৰকেট ইঞ্জিন পৰীক্ষা সম্পন্ন

ABOUT THE AUTHOR

...view details