অসম

assam

ETV Bharat / science-and-technology

WhatsApp new feature: WhatsApp গ্ৰুপত অধিক সদস্য হ'লে স্বয়ংক্ৰিয়ভাৱে সলনি হ’ব এই ছেটিং - WhatsApp group chat with over 256 members

হোৱাটছএপৰ বিটা সংস্কৰণত কৰা পৰিৱৰ্তনে প্ৰকাশ কৰিছে যে, যদি কোনো গ্ৰুপৰ সদস্য ২৫৬ জনতকৈ অধিক হয়, তেন্তে ইয়াৰ notificationsসমূহ স্বয়ংক্ৰিয়ভাৱে ম্যুট(Mute) হৈ পৰিব ।

WhatsApp will automatically mute notifications for group chat with over 256 members
WhatsApp গ্ৰুপত অধিক সদস্য হ'লে স্বয়ংক্ৰিয়ভাৱে সলনি হ’ব এই ছেটিং

By

Published : Nov 13, 2022, 7:02 PM IST

জনপ্ৰিয় মেছেজিং প্লেটফৰ্ম হোৱাটছএপে ব্যৱহাৰকাৰীসকলক নতুন বৈশিষ্ট্যৰ সুবিধা প্ৰদান কৰি আহিছে আৰু ব্যাপক ৰোলআউটৰ পূৰ্বে বিটা পৰীক্ষকৰ সৈতে নতুন বৈশিষ্ট্যসমূহ পৰীক্ষা কৰা হৈছে । হোৱাটছএপৰ বিটা সংস্কৰণত কৰা পৰিৱৰ্তনে প্ৰকাশ কৰিছে যে, যদি কোনো গ্ৰুপৰ সদস্য ২৫৬ জনতকৈ অধিক হয়, তেন্তে ইয়াৰ notificationsসমূহ স্বয়ংক্ৰিয়ভাৱে ম্যুট(Mute) হৈ পৰিব(WhatsApp will automatically mute notifications) ।

শেহতীয়াকৈ হোৱাটছএপে এটা গ্ৰুপত অংশগ্ৰহণকাৰীৰ সংখ্যা বৃদ্ধি কৰিছে আৰু মেছেজিং এপ ব্যৱহাৰকাৰীসকলেও কমিউনিটিজ ফিচাৰৰ সুবিধা লাভ কৰিছে ।

হোৱাটছএপ বিটা সংস্কৰণ ব্যৱহাৰ কৰা ব্যৱহাৰকাৰীসকলে ২৫৬ জনতকৈ অধিক অংশগ্ৰহণকাৰী থকা গ্ৰুপৰ বাবে জাননী স্বয়ংক্ৰিয়ভাৱে ম্যুট(Mute) হোৱা দেখা গৈছে(WhatsApp group chat with over 256 members) । এপটোৱে এনে কৰিছে যাতে বহু নোটিফিকেশনে ব্যৱহাৰকাৰীক যাতে অশান্তি দিব নোৱাৰে(WhatsApp new feature) ।

হোৱাটছএপ আপডেট ট্ৰেকাৰে দিলে তথ্য

মেটাৰ মালিকানাধীন এপসমূহৰ আপডেটসমূহ নিৰীক্ষণ আৰু অনুসৰণ কৰা ৱেবছাইট WABetaInfo-এ ৰিপ’ৰ্ট কৰিছে যে, কোম্পানীটোৱে নিজৰ এপত নতুন বৈশিষ্ট্যটো পৰীক্ষা কৰি আছে । প্ৰতিবেদন অনুসৰি, "বৃহৎ গ্ৰুপ চেটসমূহ স্বয়ংক্ৰিয়ভাৱে নিস্তব্ধ কৰা বৈশিষ্ট্যই জাননীৰ সংখ্যা হ্ৰাস কৰিব আৰু কিছুমান বিটা ব্যৱহাৰকাৰীৰ সৈতে পৰীক্ষা কৰাৰ পিছত অহা কেইদিনমানৰ ভিতৰত ইয়াৰ ব্যাপক ৰোলআউট দেখা যাব ।"

উল্লেখ্য যে, শেহতীয়াকৈ ব্যৱহাৰকাৰীৰ বাবে WhatsAppয়ে এক নতুন বৈশিষ্ট অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰে ৷ এই বৈশিষ্টৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে ভিডিঅ’ কলৰ জৰিয়তে একেলগে ৩২ জন লোকৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব ।

একে সময়তে এতিয়া গ্ৰুপত ১০২৪ জন ব্যৱহাৰকাৰীৰ সৈতে আড্ডা দিব পৰা যাব(Communities feature groups can now support 1024 users) । ইয়াৰ সমান্তৰালকৈ কোম্পানীটোৱে হোৱাটছ এপতো মুকলি কৰিছে প’ল ক্ৰিয়েটিং ফিচাৰ ।

হোৱাটছ এপৰ মতে, কমিউনিটিৰ বাবে সেইসকল ব্যৱহাৰকাৰী লাভৱান হ’ব পাৰিব যিসকলৰ ইজনে সিজনৰ লগত গভীৰ সম্পৰ্ক আছে । বিদ্যালয় আৰু সংশ্লিষ্ট ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ইয়াৰ এক ডাঙৰ উদাহৰণ । ইয়াৰ ভিতৰত বহু কেইটা বিষয়বস্তুৰ মিল আছে । হোৱাটছ এপৰ নতুন ফিচাৰৰ জৰিয়তে তেওঁলোকে নিজৰ কথা-বতৰা সংগঠিত কৰাৰ বাবে অধিক টুলছ্ লাভ কৰিব । স্কুলীয়া ল’ৰা-ছোৱালীৰ অভিভাৱক, স্থানীয় ক্লাব আনকি সৰু সৰু কৰ্মস্থলীও কথা-বতৰা আৰু দৈনন্দিন কাম-কাজৰ বাবে হোৱাটছএপ ব্যৱহাৰ কৰে ।

লগতে পঢ়ক:Whats App new feature: এতিয়াৰে পৰা ৩২ জনলৈকে কৰিব পাৰিব Video call

ABOUT THE AUTHOR

...view details