নেশ্যনেল ডেস্ক, 25 আগষ্ট : নাছাৰ টেলিস্কোপে প্ৰেৰণ কৰিছে বৃহস্পতিৰ এখন বিশেষ ছবি । National Aeronautics and Space Administrationৰ (NASA) নাছাৰ জেমছ Webb স্পেচ টেলিস্কোপ (James Webb Space Telescope)ত বৃহস্পতি গ্ৰহৰ এখন আচৰিত ৰূপত নতুন ছবি ধৰা পৰিছে, যাৰ বাবে বিজ্ঞানীসকলে গ্ৰহটোৰ আভ্যন্তৰীণ পৰিঘটনাসমূহৰ বিষয়ে অধিক তথ্য লাভ কৰিব । বৃহস্পতি গ্ৰহৰ ওপৰত বিশাল ধুমুহা, প্ৰচণ্ড বতাহ, অৰোৰা, চৰম উষ্ণতা আৰু চাপৰ সন্মুখীন হোৱা বুলি কোৱা হয়(Webb telescope from NASA captures faint rings from Jupiter)।
ৱেবৰ পৰা কেইবাটাও ছবিৰ সংমিশ্ৰণৰ পৰা সৃষ্টি কৰা বৃহস্পতিৰ এক অনন্য দৃশ্যত বৃহস্পতিৰ উত্তৰ আৰু দক্ষিণ মেৰু দুয়োটাৰে ওপৰত ওখকৈ বিস্তৃত হৈ আছে অৰোৰা(Aurora) । নাছাই এক বিবৃতিত কয় যে, অৰোৰাবোৰ ৰঙা মেপযুক্ত ফিল্টাৰৰ জৰিয়তে জিলিকি উঠে, যিয়ে নিম্ন ডাৱৰ আৰু ওপৰৰ পৰা প্ৰতিফলিত হোৱা পোহৰকো আলোকিত কৰে ।
হালধীয়া আৰু সেউজীয়া ৰঙেৰে মেপ কৰা এটা বেলেগ ফিল্টাৰে উত্তৰ আৰু দক্ষিণ মেৰুত ঘূৰ্ণন দেখুৱাইছে । নীলা ৰঙৰ মেপ কৰা তৃতীয়টো ফিল্টাৰে গভীৰ মূল ডাৱৰৰ পৰা প্ৰতিফলিত হোৱা পোহৰ দেখুৱাইছে । বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক জ্যোতিৰ্বিজ্ঞানী ইমকে ডি পেটাৰে কয় যে, আমি আশা কৰা নাছিলো যে ই ইমান ভাল হ’ব । সঁচা কথা ক’বলৈ গ’লে আঙঠি, সৰু সৰু উপগ্ৰহ আনকি তাৰকাৰাজ্যকো অতি ভালদৰে দেখা যায় ।