নিউজ ডেস্ক, 16 আগষ্ট:সোমবাৰে সমগ্ৰ ভাৰতবৰ্ষই উদযাপন কৰিলে 76 সংখ্যক স্বাধীনতা দিৱস ৷ এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজৰ ভাষণৰ জৰিয়তে কৰিলে এক বিশেষ ঘোষণা ৷ তেওঁ কয়, "5G প্ৰযুক্তিৰ বাবে দেশবাসীৰ অপেক্ষাৰ অন্ত পৰিল, ডিজিটেল ইণ্ডিয়াৰ সুফল শীঘ্ৰেই প্ৰতিখন গাঁৱলৈ যাব(The wait for 5G is over said PM Modi) ।"
৭৫ সংখ্যক স্বাধীনতা দিৱসত(75th Independence Day) লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি মোদীয়ে কয় যে ছেমিকণ্ডাক্টৰ আৰু মোবাইল ফোন নিৰ্মাণৰ ক্ষেত্ৰতো 5Gক গুৰুত্ব দিয়া হৈছে ।
লালকিল্লাৰ প্ৰাচীৰৰ পৰা ভাষণ দি মোদীয়ে(Prime Minister Narendra Modi in Delhi) কয় যে আমি ‘ডিজিটেল ইণ্ডিয়াৰ জৰিয়তে তৃণমূল পৰ্যায়লৈ বিপ্লৱ আনিছো আৰু অতি শীঘ্ৰেই আমি 5G যুগৰ সূচনা কৰাৰ লগে লগে প্ৰতিখন গাঁৱক ডিজিটেলভাৱে সংযোগ কৰা হ'ব ।