অসম

assam

ETV Bharat / science-and-technology

২ কোটি পোষ্টপেইড গ্ৰাহকৰ তথ্য লিক হোৱাৰ কথা অস্বীকাৰ ভোডাফোন আইডিয়াৰ

চাইবাৰ নিৰাপত্তা গৱেষণা সংস্থাই ভোডাফোন আইডিয়াৰ প্ৰায় ২ কোটি গ্ৰাহকৰ কল ডাটা ৰেকৰ্ড লিক কৰি চাইবাৰ অপৰাধীয়ে প্ৰৱেশ কৰা দাবীক নস্যাৎ কৰিছে টেলিকম অপাৰেটৰটোৱে । কোম্পানীটোৰ চিষ্টেমত থকা দুৰ্বলতাৰ বাবে ২০.৬ মিলিয়ন পোষ্টপেইড ভি গ্ৰাহকৰ কল ডাটা ৰেকৰ্ড লিক হোৱাৰ দাবী চাইবাৰ নিৰাপত্তা গৱেষণা সংস্থাৰ (20 million postpaid customers) ৷

By

Published : Aug 29, 2022, 10:14 PM IST

Vodafone Idea denies data leak of 20 million postpaid customers
২ কোটি পোষ্টপেইড গ্ৰাহকৰ তথ্য লিক হোৱাৰ কথা অস্বীকাৰ ভোডাফোন আইডিয়াৰ

নেশ্যনেল ডেস্ক, 29 আগষ্ট:চাইবাৰ নিৰাপত্তা গৱেষণা সংস্থাই ভোডাফোন আইডিয়াৰ(Vodafone Idea) প্ৰায় ২ কোটি গ্ৰাহকৰ কল ডাটা ৰেকৰ্ড লিক কৰি চাইবাৰ অপৰাধীয়ে প্ৰৱেশ কৰা দাবীক নস্যাৎ কৰিছে টেলিকম অপাৰেটৰটোৱে (20 million postpaid customers) । চাইবাৰ-সুৰক্ষা গৱেষণা সংস্থা চাইবাৰ এক্স ৯ এ নিজৰ প্ৰতিবেদনত দাবী কৰিছে যে, কোম্পানীটোৰ চিষ্টেমত থকা দুৰ্বলতাৰ বাবে ২০.৬ মিলিয়ন পোষ্টপেইড ভি গ্ৰাহকৰ কল ডাটা ৰেকৰ্ড লিক হৈছে (Vodafone Idea denies data leak) ।

প্ৰতিবেদনত দাবী কৰা হৈছে যে, লিক হোৱা ডাটাত কলৰ সময়, কলৰ সময়সীমা, ক’ৰ পৰা কল কৰা হৈছে, গ্ৰাহকৰ সম্পূৰ্ণ নাম, ঠিকনাৰ এছএমএছৰ সবিশেষ আৰু ৰোমিংৰ সবিশেষ অন্তৰ্ভুক্ত কৰা হৈছে । কিন্তু ভিয়ে এই দাবী অস্বীকাৰ কৰি কয় যে, কোনো তথ্য ভংগ হোৱা নাই আৰু প্ৰতিবেদনখন “মিছা আৰু দুৰ্নীতি পৰায়ণ”।

কোম্পানীটোৱে লগতে কয় যে, তেওঁলোকে “ইয়াৰ বিলিং যোগাযোগৰ সম্ভাৱ্য দুৰ্বলতা”ৰ বিষয়ে জানিব পাৰিছিল আৰু “তৎক্ষণাত সমাধান কৰা হৈছিল” আৰু “কোনো তথ্য ভংগ হোৱা নাই বুলি নিশ্চিত কৰিবলৈ” এক সম্যক ফৰেনছিক বিশ্লেষণ কৰা হৈছিল ।

ভোডাফোন আইডিয়াই কয় যে, তেওঁলোকে "নিয়মীয়া পৰীক্ষা" কৰে আৰু নিৰাপত্তাৰ আন্তঃগাঁথনি শক্তিশালী কৰিবলৈ অডিট কৰা হয় । CyberX9 য়ে অৱশ্যে কয় যে, কোম্পানীটোৱে তেওঁলোকে ফৰেনছিক অডিট কৰিছে বুলি কৰা দাবীটো অৰ্থহীন । CyberX9 ৰ মতে, বিগত দুবছৰ ধৰি লাখ লাখ Vi গ্ৰাহকৰ কল লগ আৰু অন্যান্য ডাটা লিক হৈ আহিছে, যাৰ দ্বাৰা হেকাৰে গ্ৰাহকৰ তথ্যসমূহ লাভ কৰিছিল(cyber security)।

লগতে পঢ়ক :উৎক্ষেপণৰ বাবে সাজু নাছাৰ মুন ৰকেট

ABOUT THE AUTHOR

...view details