অসম

assam

ETV Bharat / science-and-technology

Vivo Y27 4G India Launch: শীঘ্ৰেই মুকলি হোৱাৰ দিশত Vivoৰ নতুন সুলভ মূল্যৰ স্মাৰ্টফোন Vivo Y27 4G - ভাৰতত Vivo Y27 4Gৰ মূল্য

যদি আপুনি এটা সস্তা স্মাৰ্টফোন লাভ কৰাৰ কথা ভাবিছে, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ । Vivoই হয়তো অতি সোনকালে ভাৰতত নিজৰ নতুন বাজেট ফ্ৰেণ্ডলি স্মাৰ্টফোন Vivo Y27 4G মুকলি কৰিবলৈ গৈ আছে যাৰ ভাৰতত মূল্য হ’ব প্ৰায় ১৬ হাজাৰ টকা । ইয়াৰ স্পেচিফিকেচন সমূহৰ বিষয়ে সবিশেষ জানি লওক...

Vivo Y27 4G budget smartphone can be launched in India soon, three color options can be found with 50MP camera
শীঘ্ৰেই মুকলি হোৱাৰ দিশত Vivoৰ নতুন বাজেট ফ্লেণ্ডলি স্মাৰ্টফোন Vivo Y27 4G

By

Published : Jun 19, 2023, 8:56 PM IST

নিউজ ডেস্ক, 19 জুন: শীঘ্ৰেই ভাৰতত নতুন ৱাই ছিৰিজৰ স্মাৰ্টফোন মুকলি কৰিব পাৰে Vivoই । এটা নতুন লিক অনুসৰি কোম্পানীয়ে ভাৰতত Y27 লঞ্চ কৰিব পাৰে । ভাৰতত হ’ব Vivo Y27 4G স্মাৰ্টফোন । এই মুকলি সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো তথ্য দিয়া নাই কোম্পানীটোৱে ।

প্ৰতিবেদন অনুসৰি ২০২৩ চনৰ জুলাই মাহত ভাৰত আৰু বিশ্বৰ বজাৰত Vivo Y27 মুকলি কৰা হ’ব । ডিভাইচটোৰ মডেল নম্বৰ হৈছে V2249। Y27 4G হ’ব Vivoৰ বাজেট স্মাৰ্টফোন। লঞ্চৰ পূৰ্বে ওলাই অহা Vivo Y27 4Gৰ অফিচিয়েল স্পেচিফিকেশন, বৈশিষ্ট্য আৰু অন্যান্য সবিশেষ চাওঁ আহক ।

ভাৰতত Vivo Y27 4Gৰ মূল্য

প্ৰতিবেদনৰ পৰা পোৱা তথ্য অনুসৰি চলিত বৰ্ষৰ জুলাই মাহৰ ভিতৰত বিশ্বৰ বজাৰত আৰু ভাৰতত Vivo ৱাই২৭ৰ নতুন 4G মডেল মুকলি হোৱাৰ সম্ভাৱনা আছে। হেণ্ডছেটটো তিনিটা ৰঙৰ বিকল্পত উপলব্ধ হোৱাৰ সম্ভাৱনা আছে–ক’লা, ডাৰ্ক ৰেড আৰু সেউজীয়া । দেশত Vivo Y27 4G ৰ দাম হ’ব প্ৰায় ১৬ হাজাৰ টকা । ফোনটো 4GB বা 6GB ৰেম আৰু 64GB বা 128GB ইনবিল্ট ষ্ট’ৰেজ ভেৰিয়েন্টত উপলব্ধ হোৱাৰ সম্ভাৱনা আছে ।

Vivo Y27 4Gৰ স্পেচিফিকেশন

এই হেণ্ডছেটটোত HD+ (1600 x 720 পিক্সেল) ৰিজ’লিউচনৰ সৈতে 6.5 ইঞ্চি ডিছপ্লে থাকিব বুলি আশা কৰা হৈছে । ফোনটোত Android 13 আউট অৱ দ্য বক্সৰ ওপৰত ভিত্তি কৰি Funtouch OS 13 স্কিন আহিব বুলি আশা কৰা হৈছে । MediaTek Helio G85 SoC চিপছেটে ফোনটোক শক্তি প্ৰদান কৰিব বুলি আশা কৰা হৈছে । Vivo Y27 4Gৰ কেমেৰা ইউনিটত থাকিব 50MP প্ৰাইমেৰী ৰিয়াৰ কেমেৰা । ফোনটোত 5,000mAh ৰ বেটাৰী দিয়াৰ সম্ভাৱনা আছে ।

শেহতীয়াকৈ Vivoই Vivo Y76S (টি১ সংস্কৰণ) মুকলি কৰিছে আৰু তাৰ আগতে Vivo Y22S প্ৰৱৰ্তন কৰিছিল । পিছৰটোক একক 8 GB + 128 GB ষ্ট’ৰেজ ভেৰিয়েণ্টত মুকলি কৰা হৈছিল আৰু ইয়াক ষ্টাৰলিট ব্লু আৰু হালধীয়া গ্ৰীণ ৰঙৰ বিকল্পত আগবঢ়োৱা হৈছিল । মুকলিৰ সময়ত ইয়াৰ মূল্য আছিল 5,990,000 ভিএনডি (প্ৰায় ২০,৫০০ টকা) ।

লগতে পঢ়ক:Good news: এতিয়াৰে পৰা ৫০০ চাবস্ক্ৰাইবাৰ থকা YouTuberসকলেও কৰিব পাৰিব উপাৰ্জন

ABOUT THE AUTHOR

...view details