নিউজ ডেস্ক, 11 নৱেম্বৰ:এলন মাস্কে টুইটাৰ(Elon Musk) ক্ৰয় কৰাৰ পিছতে একাংশ ব্যৱহাৰকাৰীয়ে এতিয়া বিকল্প প্লেটফৰ্মৰ সন্ধান কৰিছে । বহু ব্যৱহাৰকাৰীয়ে এতিয়া বাচনি কৰি লৈছে মাষ্ট’ড’ন(Twitter users are flocking to Mastodon) । কিন্তু কি এই মাষ্ট’ড’ন ?
ছচিয়েল নেটৱৰ্কে (Social networks) কয় যে, বৰ্তমান ইয়াৰ ৬,৫৫,০০০ৰো অধিক ব্যৱহাৰকাৰী আছে, বিগত সপ্তাহত অন্তৰ্ভুক্ত হৈছে ২,৩০,০০০ৰো অধিক ব্যৱহাৰকাৰী । সাধাৰণতে মাষ্ট’ড’ন টুইটাৰৰ দৰেই দেখাত ব্যৱহাৰকাৰীয়ে পোষ্ট কৰিব পাৰে (যাক toots বুলি কোৱা হয়), যাৰ উত্তৰ দিব পাৰি, লাইক কৰিব পাৰি আৰু ৰিপ’ষ্ট কৰিব পাৰি আৰু এজনে আনজনক অনুসৰণ কৰিব পাৰি । বনেটৰ তলত অৱশ্যে ই পৃথক ধৰণে কাম কৰে(Twitter users jump to Mastodon) ।