নেশ্যনেল ডেস্ক, 24 আগষ্ট : বিভিন্ন নতুন ফিচাৰ (Twitter New Features) মুকলি কৰিবলৈ ওলাইছে টুইটাৰে । এতিয়াৰে পৰা ভেৰিফাইড টুইটাৰ একাউণ্ট (Twitter verified user profiles) আৰু ব্লু টিক বা বেজ একাউণ্ট ইউজাৰৰ প্ৰফাইলৰ ফোন নম্বৰত থাকিব লেবেল বা টেগ (Twitter to put a label on phone numbers)। টুইটাৰে এই নতুন ফিচাৰ অনাৰ পৰিকল্পনা কৰিছে(Twitter to put a label on phone numbers) ।
টুইটাৰ এপৰ গৱেষক জেন মানচুন ৱঙে এই নতুন বৈশিষ্ট্য আৱিষ্কাৰ কৰিছে, যাৰ লক্ষ্য হৈছে প্লেটফৰ্মলৈ অধিক প্ৰামাণ্যতা আৰু অতি প্ৰয়োজনীয় বিশ্বাসযোগ্যতা অনা । টেছলাৰ চিইঅ' ইলন মাস্কে (Tesla CEO Elon Musk) ৪৪ বিলিয়ন ডলাৰৰ চুক্তি বাতিল কৰাৰ পিছত টেছলাৰ প্লেটফৰ্মত বটৰ(Bot) উপস্থিতিৰ অভিযোগত টুইটাৰক আদালতলৈ লৈ গৈছে । জেন মানচুন ৱঙে কয়, "টুইটাৰে এটা ভেৰিফাইড ফোন নম্বৰ লেবেলৰ কাম কৰি আছে । মই অনুমান কৰিছো ইয়াৰ সৈতে নাগৰিক অখণ্ডতাৰ সম্পৰ্ক আছে ।"