নেশ্যনেল ডেস্ক, 16 ফেব্ৰুৱাৰী:আমেৰিকাৰ কিছু ৰাজ্যত মাইক্ৰ’ ব্লগিং প্লেটফৰ্মৰ ‘ভাং বিজ্ঞাপন নীতি’ শিথিল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি ঘোষণা কৰিছে টুইটাৰে (Cannabis advertising policy)। এই পৰিৱৰ্তনৰ জৰিয়তে কোম্পানীটোৱে দায়িত্বশীল ভাং বিপণনৰ বাবে অধিক সুযোগ সৃষ্টি কৰাৰ লক্ষ্য লৈছে । ভাং উদ্যোগৰ সম্প্ৰসাৰণৰ লগে লগে টুইটাৰত হোৱা কথা-বতৰাও বৃদ্ধি পাইছে বুলি কোম্পানীটোৱে ব্যৱসায়িক ব্লগপোষ্টত প্ৰকাশ কৰিছে ।
ইয়াত কোৱা হৈছে, টুইটাৰত ভাঙৰ স্থানটো অতি আকৰ্ষণীয় (Twitter News)। য'ত ব্যৱহাৰকাৰীয়ে ভাং ব্যৱহাৰ কৰাৰ অভিজ্ঞতাৰ বিষয়ে টুইট কৰি আছে- সেয়া ঔষধি, সুস্থতাৰ বাবে বা বিনোদনৰ বাবেই হওক (Twitter allow cannabis ads in social media)। ইয়াৰ উপৰিও মাইক্ৰ’-ব্লগিং প্লেটফৰ্মে বিজ্ঞাপনদাতাসকলক চিবিডি, টিএইচচি আৰু ভাংৰ সৈতে জড়িত সামগ্ৰী আৰু সেৱাসমূহৰ বাবে ব্ৰেণ্ড পছন্দ আৰু তথ্যসমৃদ্ধ ভাং সম্পৰ্কীয় বিষয়বস্তু প্ৰচাৰ কৰিবলৈও অনুমতি দিছে (cannabis advertising policy in india)।