নিউজ ডেস্ক, 12 ডিচেম্বৰ: ইলন মাস্কে সোমবাৰৰ পৰা মাইক্ৰ’ব্লগিং চাইট টুইটাৰত পুনৰবাৰ নিজৰ ব্লু টিক সেৱা আৰম্ভ কৰিবলৈ ওলাইছে । উল্লেখ্য যে, টুইটাৰৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ পৰা টুইট কৰি এই কথা নিশ্চিত হৈছে । আজিৰ পৰা টুইটাৰ ব্লু টিক চাবস্ক্ৰিপচন আৰম্ভ হ’ব বুলি টুইটত উল্লেখ কৰাই নহয়, এই চাবস্ক্ৰিপচনৰ বাবে কিমান টকা দিব লাগিব সেয়াও স্পষ্ট কৰা হৈছে ।
টুইটাৰ ব্লু টিক চাবস্ক্ৰিপচনৰ মূল্য
এই তথ্য টুইটাৰৰ অফিচিয়েল একাউণ্টৰ পৰা টুইট কৰি দিয়া হৈছে, ৱেব ব্যৱহাৰকাৰীৰ বাবে ব্লু টিক বেজৰ মাহিলী মূল্য ৮ ডলাৰ (প্ৰায় ৬৫৯ টকা) নিৰ্ধাৰণ কৰা হৈছে । কিন্তু একে সময়তে যদি আপোনাৰ এপল ব্ৰেণ্ডৰ আইফোন আছে, অৰ্থাৎ যদি আপুনি আইফোন ব্যৱহাৰকাৰী হয়, তেন্তে আপুনি ব্লু টিক বেজটো ৰাখিবলৈ প্ৰতিমাহে ১১ ডলাৰ (প্ৰায় ৯০৭ টকা) দিব লাগিব ।
মনত ৰাখিব যে, কেইদিনমান পূৰ্বে আইফোন ব্যৱহাৰকাৰীৰ বাবে টুইটাৰ ব্লু টিক চাবস্ক্ৰিপচনৰ মূল্য প্ৰতিমাহে ৮ ডলাৰৰ পৰা ১১ ডলাৰলৈ বৃদ্ধি কৰাৰ বিষয়ে তথ্য লাভ কৰা হৈছিল ।আনহাতে, যদি আপুনি এজন এণ্ড্ৰইড ব্যৱহাৰকাৰী, তেন্তে আপোনাৰ বাবে মূল্যৰ কোনো পৰিৱৰ্তন নহয়, অৰ্থাৎ ইয়াৰ বাবে আপোনাৰ প্ৰতি মাহে মাত্ৰ ৮ ডলাৰ (প্ৰায় ৬৫৯ টকা) খৰচ হ’ব(Twitter Blue Tick Subscription Price) ।