অসম

assam

ETV Bharat / science-and-technology

Twitter chief Elon Musk: টুইটাৰৰ মুৰব্বী পদৰ পৰা পদত্যাগ কৰিব নেকি ইলন মাস্কে ? - Twitter chief Elon Musk

ইলন মাস্কৰ প'লৰ পিছতে ব্যৱহাৰকাৰীসকলৰ মাজত চাঞ্চল্যকৰ পৰিবেশ ৷ বাতৰি লিখালৈকে মাস্কৰ এই প্ৰশ্নৰ ওপৰত আহিল ১৩,৪৩৪,৪৮২ টা ভোট । কেৱল এয়াই নহয়, মিম আৰু কমেণ্টৰ জৰিয়তে মন্তব্য কৰিও বিভিন্ন লোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ ।

Should I resign as Twitter chief Elon Musks pole creates sensation among users
টুইটাৰৰ মুৰব্বী পদৰ পৰা পদত্যাগ কৰিব নেকি ইলন মাস্কে

By

Published : Dec 19, 2022, 1:36 PM IST

নিউড ডেস্ক, 19 ডিচেম্বৰ: বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কে(Elon Musk) টুইটাৰ ক্ৰয় কৰাৰ পিছৰে পৰা প্ৰতিদিনে শিৰোনাম দখল কৰি আহিছে(Twitter) । প্ৰথমে ইয়াৰ পৰা মানুহক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ল, তাৰ পিছত ব্লু টিক সম্পৰ্কে নতুন নিয়ম প্ৰণয়ন কৰা হ’ল(Twitter chief Elon Musk) । এই সকলোবোৰ পৰিৱৰ্তনক লৈ ছ’চিয়েল মিডিয়াতো মানুহে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে(Twitter chief Elon Musk)। বিগত কেইদিনমানৰ পৰা টুইটাৰত নীতিগত পৰিৱৰ্তনৰ কথা ফুচফুচাই কোৱাৰ পিছত মাস্কে মাইক্ৰ’ব্লগিং ৱেবছাইটত এক সমীক্ষা আৰম্ভ কৰিছে(Elon Musk News)। ইয়াত লাখ লাখ ব্যৱহাৰকাৰীক সোধা হৈছে যে, মই টুইটাৰৰ মুৰব্বী পদৰ পৰা পদত্যাগ কৰিব লাগেনে ?

খবৰটো লিখালৈকে কেইঘণ্টামানৰ ভিতৰতে মাস্কৰ এই প্ৰশ্নটোৰ ওপৰত ১৩,৪৩৪,৪৮২ টা ভোট দিয়া হৈছে । বহু লোকে ইতিমধ্যে মিম আৰু কমেণ্টৰ জৰিয়তেও বিভিন্ন প্ৰতিক্ৰিয়া প্ৰদান কৰিছে(Elon Musk Twitter)। মাস্কে এটা টুইটত প্ৰশ্ন উত্থাপন কৰি কয় যে, মই টুইটাৰৰ মুৰব্বী হিচাপে পদত্যাগ কৰিব লাগেনে ? এই সমীক্ষাৰ ফলাফল অনুসৰণ কৰিম । তেওঁ আন এটা টুইটত কয়, "আগলৈ গৈ ডাঙৰ নীতি পৰিৱৰ্তনৰ বাবে ভোটদান হ’ব । ক্ষমা বিচাৰিছো এনে আৰু পুনৰ নহয় ।"

বহু পৰিৱৰ্তনৰ পিছত মাস্কৰ সমালোচনা

ইয়াৰ উপৰিও টুইটাৰে কয় যে, এতিয়াও যিকোনো ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা কন্টেন্ট ক্ৰছ-পোষ্ট কৰাৰ অনুমতি দিয়া হৈছে । ওপৰত উল্লেখ নকৰা ছ’চিয়েল মিডিয়া প্লেটফৰ্মত লিংক বা ব্যৱহাৰকাৰীৰ নাম পোষ্ট কৰাটোও এই নীতিৰ উলংঘা নহয় । টুইটাৰৰ নিয়মৰ পৰিৱৰ্তন এনে এটা সময়ত কৰা হৈছে যেতিয়া মাস্কে প্লেটফৰ্মত বৃহৎ নীতিগত পৰিৱৰ্তনৰ বাবে কিছু সমালোচনাৰ সন্মুখীন হৈছে ।

সাংবাদিকৰ একাউণ্ট প্ৰথমে বন্ধ, পিছত পুনৰুদ্ধাৰ

ইয়াৰ এদিন পূৰ্বে ইলন মাস্কে আধা ডজনৰো অধিক সাংবাদিকৰ একাউণ্ট বন্ধ কৰি দিয়া হৈছিল যদিও তেওঁৰ এই সিদ্ধান্তক লৈ বহু সমালোচনা হোৱাৰ বাবে পিছত এই একাউন্টসমূহ পুনৰুদ্ধাৰ কৰা হয় ।

শেহতীয়া তথ্য দিওঁতে মাস্কে টুইটাৰ ব্লুৰ সৈতে জড়িত নতুন আপডেট শ্বেয়াৰ কৰে । মাস্কে কয় যে, এতিয়া ব্লু ভেৰিফাইডৰ বাবে ম্যুট আৰু ব্লক চিগনেল অন্তৰ্ভুক্ত কৰা হ’ব । বিশ্বৰ অন্যতম ধনী ব্যক্তি ইলন মাস্কে ঘোষণা কৰিছে যে, ব্লু ভেৰিফাইডে মিউট আৰু ব্লক চিগনেল ডাউনভোট হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ আৰম্ভ কৰিব ।

লগতে পঢ়ক:Jack Dorsey: টুইটাৰ নিৰ্মাতাই প্ৰতি বছৰে ৮ কোটিকৈ দিব এইটো এপক

ABOUT THE AUTHOR

...view details