অসম

assam

ETV Bharat / science-and-technology

Emergency Alert: আপোনাৰ ফোনতো ছাইৰেনৰ শব্দ শুনিবলৈ পাইছে নেকি ? জানেনে ইয়াৰ কাৰণ কি ? - ছাইৰেনৰ শব্দ

আজি ৰাতিপুৱা ফোন ব্যৱহাৰ কৰি থাকোঁতে ছাইৰেনৰ শব্দ শুনিলেনে আৰু মেছেজটো স্বয়ংক্ৰিয়ভাৱে পপ আপ হৈ থকা ইয়াৰ বিষয়বস্তু পঢ়িলেনে ? চিন্তা নকৰিব, এইটো কেৱল ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ পৰীক্ষামূলক বাৰ্তাহে । এই সন্দৰ্ভত বিতংভাৱে পঢ়ক...

Emergency Alert
আপোনাৰ ফোনতো ছাইৰেনৰ শব্দ শুনিবলৈ পাইছে নেকি ? জানেনে ইয়াৰ কাৰণ কি ?

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 2:08 PM IST

Updated : Sep 21, 2023, 2:42 PM IST

নিউজ ডেস্ক, 21 ছেপ্টেম্বৰ: আজি পুৱা আপুনি আপোনাৰ ফোন ব্যৱহাৰ কৰি থাকোঁতে ছাইৰেনৰ শব্দ শুনিলেনে আৰু পপ আপ হৈ থকা এটা বাৰ্তা পঢ়িবলৈ পালেনে ? যদিও আপুনি 'read out aloud’ বাৰ্তা ছেটিং সক্ৰিয় কৰা নাই ? তেন্তে চিন্তা নকৰিব, এয়া মাত্ৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ এক পৰীক্ষামূলক বাৰ্তাহে ৷

সংস্থাটোৱে দেশৰ প্ৰায় সকলো মোবাইল ফোনলৈ নমুনা সতৰ্কবাণী প্ৰেৰণ কৰি চেল সম্প্ৰচাৰ ব্যৱস্থাটো পৰীক্ষা কৰিছে ৷ ইয়াক "Severe" শ্ৰেণী হিচাপে চিহ্নিত কৰা হৈছিল আৰু ইয়াক নমুনা সতৰ্কবাণী বুলি কোৱা হৈছিল ৷ গতিকে, আপুনি একো কৰাৰ প্ৰয়োজন নাই ৷

বাৰ্তাটোত কোৱা হৈছে, "এইটো ভাৰত চৰকাৰৰ দূৰসংযোগ বিভাগে চেল ব্ৰডকাষ্টিং চিষ্টেমৰ জৰিয়তে প্ৰেৰণ কৰা এটা নমুনা পৰীক্ষামূলক বাৰ্তা ৷" ছাইৰেন সতৰ্কবাণীয়ে সকলোকে আচৰিত কৰি তোলাৰ বিপৰীতে বাৰ্তাটোত ইয়াক আওকাণ কৰা উচিত বুলি উল্লেখ কৰা হৈছিল আৰু গ্ৰাহকৰ পৰা কোনো ব্যৱস্থা লোৱাৰ প্ৰয়োজন নাই বুলি পৰামৰ্শ দিয়া হৈছিল ৷

"অনুগ্ৰহ কৰি এই বাৰ্তাটো আওকাণ কৰক কাৰণ আপোনাৰ ফালৰ পৰা কোনো ব্যৱস্থা লোৱাৰ প্ৰয়োজন নাই ৷"

উল্লেখ্য যে, পুৱা ১১.৪১ বজাত এই বাৰ্তা প্ৰায় সকলো এণ্ড্ৰইড ফোনতে আহিবলৈ আৰম্ভ কৰে ৷ জনাই দিও যে, ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই ৰূপায়ণ কৰি থকা "পান-ইণ্ডিয়া ইমাৰ্জেন্সী এলাৰ্ট চিষ্টেম"ৰ 'টেষ্ট'ৰ অংশ ৷

তাৰিখ আৰু সময় ষ্টাম্পযুক্ত বাৰ্তাটোত কোৱা হৈছে যে, ইয়াৰ উদ্দেশ্য হৈছে “জনসাধাৰণৰ সুৰক্ষা বৃদ্ধি কৰা আৰু জৰুৰীকালীন অৱস্থাত সময়মতে সতৰ্কবাণী প্ৰদান কৰা” ৷

ভূ-অৱস্থানৰ ওপৰত ভিত্তি কৰি আঞ্চলিক ভাষাত দ্বিতীয়টো বাৰ্তা দূৰসংযোগ বিভাগে প্ৰেৰণ কৰিছিল আৰু সেই বাৰ্তা আহিছিল পুৱা ১২.০৪ বজাত ৷

তৃতীয়টো আহিল হিন্দীত পুৱা ১২.২৫ বজাত ৷ এই ক্ষেত্ৰত ইটিভি ভাৰতৰ দলে কৰা ক্ষন্তেকীয়া এক পৰীক্ষাত দেখা গ’ল যে, এপল ফোনে তিনিটা এলাৰ্টৰ কোনোটোৱেই লাভ কৰা নাছিল ৷

লগতে পঢ়ক:ISRO Aditya L1 Mission: সূৰ্য-পৃথিৱী এল১ পইণ্টলৈ আগবাঢ়িছে আদিত্য এল১; ইছৰো

Last Updated : Sep 21, 2023, 2:42 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details