অসম

assam

ETV Bharat / science-and-technology

ইন্টাৰনেশ্বনেল স্পেছ ষ্টেচনৰ পৰা উভটিল স্পেছ এক্সৰ ড্ৰেগন ক্ৰিউ - ইলন মুস্কৰ কোম্পানী স্পেচ এক্স

স্পেছ এক্সৰ ড্ৰেগণ ক্ৰিউ নামৰ মহাকাশযানখনে সুকলমে পৃথিৱীলৈ বুলি উভটনি যাত্ৰা আৰম্ভ কৰিছে ৷ মহাকাশযানখনে ইন্টাৰনেশ্বনেল স্পেছ চেন্টাৰৰ পৰা মহাকাশচাৰী ৰবাৰ্ট বে্নকেন আৰু ডগলাছ হাৰ্লিয়ে শনিবাৰে নিশাৰ ভাগত পৃথিৱীলৈ বুলি যাত্ৰা আৰম্ভ কৰিছে ৷

ইন্টাৰনেশ্বনেল স্পেছ ষ্টেচনৰ পৰা উভটিল স্পেছ এক্সৰ ড্ৰেগন ক্ৰিউ
ইন্টাৰনেশ্বনেল স্পেছ ষ্টেচনৰ পৰা উভটিল স্পেছ এক্সৰ ড্ৰেগন ক্ৰিউ

By

Published : Aug 2, 2020, 3:19 PM IST

Updated : Feb 16, 2021, 7:31 PM IST

নিউজ ডেস্ক, 2 আগষ্ট :ইলন মুস্কৰ কোম্পানী স্পেচ এক্সৰ দ্বাৰা মহাকাশলৈ পঠিওৱা মহাকাশযানখনে পৃথিৱীলৈ বুলি উভটনি যাত্ৰা আৰম্ভ কৰিছে ৷ ইন্টাৰনেশ্বনেল স্পেচ চেন্টাৰৰ পৰা দুগৰাকী মহাকাশচাৰী ৰবাৰ্ট বে্নকেন আৰু ডগলাছ হাৰ্লিক লৈ ড্ৰেগন ক্ৰিউ নামৰ মহাকাশযানখনে ইয়াৰ উভটনি যাত্ৰা আৰম্ভ কৰিছে ৷

নাছাৰ প্ৰতিষ্ঠিত মহাকাশচাৰী ডগলাছ আৰু ৰবাৰ্টে স্পেচ এক্সৰ ড্ৰেগন কেপচুলত তিনিগৰাকী অন্য মহাকাশচাৰীক বিদায় দি এই উভটনি যাত্ৰা আৰম্ভ কৰিছে ৷ তেওঁলোকে দেওবাৰে আবেলিৰ ভাগত গাল্ফ অৱ মেক্সিকোত পেৰাচ্যুটৰ সহায়ত অৱতৰণ কৰিব ৷

ইন্টাৰনেশ্বনেল স্পেচ চেন্টাৰ

এয়া 45 বছৰৰ ভিতৰত মহাকাশচাৰীসকলে প্ৰথমবাৰৰ বাবে ভূমিত স্পৰ্শ কৰিব ৷ অৱশ্যে নাছাই প্ৰকাশ কৰা অনুসৰি, ফ্লৰিডাৰ আটলান্টিক উপকূলৰ বতৰ আইছিয়াচ ধুমুহাৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ'লেও দেশখনৰ বিপৰীত প্ৰান্তৰ পেনচাকোলাত অৱতৰণৰ বাবে সঠিক থাকিব ৷

ইয়াৰ পূৰ্বে আমেৰিকা আৰু ছোভিয়েটৰ যুটীয়া মহাকাশ অভিযান 1975 চনত সম্পন্ন হৈছিল যাক এপলো-চুয়েজ হিচাপে জনা যায় ৷ তাৰ পিচতে এয়া 45 বৰ্ষৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে এইদৰে মহাকাশচাৰীসকলে মহাকাশৰ পৰা ভূমিত অৱতৰণ কৰিব ৷

মহাকাশৰ পৰা স্পেচ এক্স ড্ৰেগন ক্ৰিউৰ উভটনি যাত্ৰা

স্পেচ ষ্টেচনৰ কামাণ্ডাৰ ক্ৰিছ কাছিডে দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গৰ পৰা 430 কিলোমিটাৰ ওপৰত জাহাজৰ বেল বজাই ড্ৰেগনক মহাকাশৰ পৰা বিদায় সম্ভাষন জনায় ৷ ইয়াৰ কিছুসময় পিচতেই কেপছুলটোৱে স্পেচ ষ্টেচনৰ পৰা আঁতৰি আহে ৷

স্পেচ ছ্যাটল যুগৰ অৱসানৰ পিচতেই এয়া হৈছে আমেৰিকাৰ বাবে এক বৃহৎ সাফল্য,কিয়নো দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত আমেৰিকাৰ পৰা যোৱা মহাকাশচাৰীয়ে এইদৰে ভূমিত অৱতৰণ কৰিব ৷

ইন্টাৰনেশ্বনেল স্পেছ ষ্টেচনৰ পৰা উভটিল স্পেছ এক্সৰ ড্ৰেগন ক্ৰিউ

নাছাৰ কেনেডী চেন্টাৰৰ পৰা বে্নকেন আৰু হাৰ্লিক মহাকাশলৈ পঠিওৱা স্পেচ এক্স হৈছে বিশ্বৰ প্ৰথমটো ব্যক্তিগত কোম্পানী ৷ আৰু এতিয়া মহাকাশৰ পৰা সুকলমে উভটি অহাৰ কৃতিত্বৰো অধিকাৰী হ'ব স্পেচ এক্স ৷

লগতে পঢ়কঃবিহাৰত বানত মৃত্যু 13 জনৰ

Last Updated : Feb 16, 2021, 7:31 PM IST

ABOUT THE AUTHOR

...view details