নিউজ ডেস্ক, 7 নৱেম্বৰ :ভাৰতৰ পোলাৰ ছেটেলাইট লাউন্স ভেহিকল সাজু হৈছে ইয়াৰ 51 সংখ্যক মহাকাশ অভিযানৰ বাবে ৷ মহাকাশযানখনত সংলগ্ন ৰকেটে আজি দিনৰ প্ৰায় 3 বজাত মহাকাশলৈ প্ৰেৰণ কৰিব 10 টা কৃত্ৰিম উপগ্ৰহ ৷ PSLV-C49 নামে এই অভিযানত EOS-01 মুখ্য কৃত্ৰিম উপগ্ৰহৰ লগতে 9টা অন্যান্য আন্তঃৰাষ্ট্ৰীয় গ্ৰাহক কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰা হ'ব ৷ শ্ৰীহৰিকোটাস্থিত সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা একেলগে মুঠ 10টা কৃত্ৰিম উপগ্ৰহক এইদৰে মহাকাশলৈ প্ৰেৰণ কৰা হ'ব ৷
2020চনত কেন্দ্ৰটোৰ পৰা প্ৰক্ষেপণ কৰিবলগীয়া ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ এয়া প্ৰথমটো মহাকাশ অভিযান ৷ ইতিমধ্যে এই অভিযানৰ সকলো দিশ নিয়াৰিকৈ পৰিচালনা কৰিবৰ বাবে শ্ৰীহৰিকোটাত উপস্থিত হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ প্ৰধান ড৹ শিৱন ৷ ইতিমধ্যে কোৰোণাৰ মাজতেই মহাকাশ কেন্দ্ৰটোৰ বিজ্ঞানীসকলে এই যাত্ৰাৰ সকলো দিশ সম্পূৰ্ণৰূপে সাজু কৰি তুলিছে ৷ সমগ্ৰ অভিযানটোত প্ৰায় 26 ঘন্টা সময় লাগিব বুলি জানিব পৰা গৈছে ৷