নেশ্যনেল ডেস্ক, 14 চেপ্তেম্বৰ:দ্য নিউ ইয়ৰ্ক টাইমছ ত প্ৰকাশিত এক বাতৰি অনুযায়ী টিকটকে অৰেকলক নিজৰ প্ৰযুক্তিৰ অংশীদাৰ হিছাপে পচন্দ কৰাক লৈ এই কথা অস্পষ্ট আছিল যে "অৰেকল সামাজিক মাধ্যমৰ এপটোৰো সিংহভাগ মালিকীস্বত্বৰ অধিকাৰী হব ৷" প্ৰকাশ্য বিক্ৰিৰ পৰা ই পৃথক আৰু দেখা গৈছে যে অৰেকলে ইয়াৰ ক্লাউড টেকন'লজীৰ সহায়ত টিকটক ক মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কামসমূহ পৰিচালনাত সহায় কৰিব ৷ এক আনুষ্ঠানিক বিজ্ঞপ্তিত মাইক্ৰছফ্টে মাৰ্কিন যুক্তৰাষ্ট্ৰত টিকটকৰ পৰিচালনা বাতিল কৰাৰ কথা উল্লেখ কৰিছিল ৷ "ডান্সে আজি আমাক জানিবলৈ দিছিল যে তেওঁলোকে টিকটকৰ মাৰ্কিন ক্ৰিয়াকলাপ মাইক্ৰচফট্ ৰ হাতত বিক্ৰী নকৰে ৷ আমাৰ বিশ্বাস যে জাতীয় সুৰক্ষা ৰক্ষাৰ স্বাৰ্থত আমাৰ প্ৰস্তাৱ টিকটক ব্যৱহাৰকাৰী সকলৰ বাবে ভাল পৰিগনিত হ'ব," মাইক্ৰচফ্টে কয় ৷
উল্লেখ্য যে বিগত জুন মাহত ভাৰতত অন্য 58 টা চীনা এপৰ সৈতে টিকটকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতে, টিকটকৰ ওপৰত ট্ৰাম্প প্ৰশাসনে হেঁচা দিয়া আৰম্ভ কৰিছিল ৷ ডনাল্ড ট্ৰাম্পৰ প্ৰশাসনে বাইট ডান্সৰ মালিকাধীন মঞ্চখনক চেপ্তেম্বৰৰ মধ্যভাগৰ ভিতৰত মাৰ্কিন অপাৰেশ্যনৰ ওচৰত বিক্ৰী কৰিবলৈ অন্যথা নিষেধাজ্ঞা ৰ সন্মুখীন হবলৈ সাজু থাকিবৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল ৷ এই সময়তে টিকটকৰ মাৰ্কিন ক্ৰিয়াকলাপ অৰেকলে পৰিচালনা কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷