অসম

assam

ETV Bharat / science-and-technology

দৈনন্দিন জীৱনত সুক্ষ্মজীৱিৰ ভূমিকা - ইটিভি ভাৰত

মানুহকে ধৰি জীৱ-জন্তু আৰু গছ-গছনিৰ বাহিৰেও আমাৰ চৌপাশে আমি খালী চকুৰে দেখা নোপোৱা বহুটো জীৱিত প্ৰাণীয়ে বাস কৰে ৷ আমাৰ চৌপাশে বাস কৰা এইসমূহ জীৱৰ মানৱ জীৱনত থকা অৱদানৰ বিষয়ে বিষলক্ষ্মী আৰ্গেলাই ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰে বহুটো কথা ৷

দৈনন্দিন জীৱনত সুক্ষ্মজীৱিৰ ভূমিকা
দৈনন্দিন জীৱনত সুক্ষ্মজীৱিৰ ভূমিকা

By

Published : Jan 7, 2021, 3:29 PM IST

Updated : Feb 16, 2021, 7:31 PM IST

নিউজ ডেস্ক, 7 জানুৱাৰী :আমাৰ চৌপাশে থকা পৰিৱেশত আমি খালী চকুৰে দেখা নোপোৱা বহুটো জীৱই বাস কৰে ৷ এইসমূহ জীৱক সাধাৰণতে সুক্ষ্মজীৱি বুলি কোৱা হয় আৰু ইয়াক মাইক্ৰ’স্কোপৰ সহায়তহে প্ৰত্যক্ষ কৰিব পাৰি ৷

দৈনন্দিন জীৱনত সুক্ষ্মজীৱিৰ ভূমিকা

কি হয় এইসমূহ সুক্ষ্মজীৱি ? ক’ত বাস কৰে এইসমূহ জীৱ ? আমাৰ দৈনন্দিন জীৱনৰ সৈতে কিদৰে সংযুক্ত এইসমূহ জীৱ ? অনুজীৱ বিজ্ঞানৰ ছাত্ৰী বিষলক্ষ্মী আৰ্গেলাই ইটিভি ভাৰতৰ আগত সুক্ষ্মজীৱি সন্দৰ্ভত বহুটো কথা প্ৰকাশ কৰে ৷ সাধাৰণতে চাৰিটা গোটত এইসমূহ সুক্ষ্মজীৱিক ভাগ কৰিব পাৰি ৷

দৈনন্দিন জীৱনত সুক্ষ্মজীৱিৰ ভূমিকা

এইসমূহ সকলোতে পোৱা যায়, পানী, মাটি, আমাৰ শৰীৰত অথবা শৰীৰৰ ভিতৰত, গছত, খাদ্যত আৰু বহুটো স্থানত ৷

  • যেতিয়াই আমি কোনো পুখুৰীলৈ লক্ষ্য কৰো তেতিয়াই আমি দেখা পাঁও কিছুমান সেউজীয়া চামনি ৷ এয়া হৈছে শৈলুৱৈ আৰু শৈলুৱৈ একপ্ৰকাৰৰ সুক্ষ্মজীৱি, যিয়ে পানীত বাস কৰে ৷
  • দীৰ্ঘসময়ৰ পৰাই আমি গৰম গাখীৰক দৈ লৈ ৰূপান্তৰিত কৰিবলৈ পূৰ্বৰ দিনৰ পৰা ৰখাই থোৱা দৈত ঢালি দি আহিছো ৷ যাৰ ফলত গাখীৰখিনি দৈ লৈ পৰিৱৰ্তিত হয় ৷ এয়া সম্ভৱ হয় একমাত্ৰ লেক্টবেচিলাছ নামৰ এবিধ বেক্টেৰিয়াৰ ফলত, যি একপ্ৰকাৰৰ সুক্ষ্মজীৱি ৷
  • পাওৰুটিৰ ওপৰত পৰা ক’লা ৰঙৰ তৰপো একপ্ৰকাৰৰ সুক্ষ্মজীৱি ৷
    দৈনন্দিন জীৱনত সুক্ষ্মজীৱিৰ ভূমিকা
  • মেলেৰিয়া ৰোগ, যি মহৰ দেহত থকা সুক্ষ্মজীৱি প্ৰট’জৱাৰ ফলতে সংঘটিত হয় ৷
  • ঘৰুৱা আৱৰ্জনা, মৃত গছ অথবা মৃতদেহৰ পচন ঘটোৱা কাৰ্যটো সুক্ষ্মজীৱিয়ে সহায় কৰে,যাৰ ফলত মাটিৰ উৰ্বৰা শক্তি বহু পৰিমানে বৃদ্ধি পায় ৷
  • গোবৰ গেছ, যাক গ্ৰাম্য অৰ্থনীতিত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়, সেয়াও সুক্ষ্মজীৱিয়ে সৃষ্টি কৰে ৷
    দৈনন্দিন জীৱনত সুক্ষ্মজীৱিৰ ভূমিকা

বিষলক্ষ্মীয়ে কোৱা অনুসৰি, এইসমূহে হৈছে প্ৰধান দিশ য’ত অনুজীৱ-সুক্ষ্মজীৱিয়ে কাম কৰে ৷ অনুজীৱ-সুক্ষ্মজীৱিৰ উপস্থিতি আৰু অৰিহণা বিজ্ঞানৰ লগতে মানৱ জীৱনৰ প্ৰতিটো স্তৰতে খুবেই গুৰুত্বপূৰ্ণ ৷ একেসময়তে এইসমূহ সুক্ষ্মজীৱি তথা অনুজীৱ আমাৰ বাবে উপকাৰী হোৱাৰ লগতে অপকাৰীও হয় ৷ বহু সময়ত প্ৰাণীৰ বিভিন্ন বেমাৰৰ বাবেই দায়ী এইসমূহ অনুজীৱ তথা সুক্ষ্মজীৱি ৷ আনহাতে বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা মহামাৰীও বহুসময়ত এই সুক্ষ্মজীৱিৰ পৰাই সংঘটিত হয় ৷ কিন্তু এই মহামাৰীৰ প্ৰতিষেধক আৰু প্ৰতিৰোধকো ইয়াৰ পৰাই বনোৱা হয় ৷

লগতে পঢ়ক :ক'ভিড-19 কিদৰে ৰোগীৰ ঘ্ৰাণ ক্ষমতা কমাই দিয়ে !

Last Updated : Feb 16, 2021, 7:31 PM IST

ABOUT THE AUTHOR

...view details