নেচনেল ডেস্ক, 8 ফেব্ৰুৱাৰী:ভাৰতত তিনিবছৰ সম্পূৰ্ণ হ'ল এমাজন এলেক্সাৰ ৷ 8 ফেব্ৰুৱাৰীত ভাৰতত এমাজন এলেক্সাৰ তিনি বছৰ সম্পূৰ্ণ হয় ৷ কোম্পানীটোৱে জানিবলৈ দিয়ে যে ভাৰতত এমাজন এলেক্সাৰ সেৱা আৰম্ভ হোৱাৰ দিন ধৰি 2020 বৰ্ষলৈকে এই ভাৰ্চুৱেল এচিষ্টেন্টৰ সৈতে গ্ৰাহকৰ কথা বাৰ্তা 67 শতাংশলৈ বৃদ্ধি পাইছে ৷ কোম্পানীটোৱে লগতে এই কথাও উল্লেখ কৰে যে এদিনত গ্ৰাহক সকলে 19,000 বাৰ 'আই লাভ ইউ এলেক্সা' বুলি কয়৷
এমাজন ইণ্ডিয়াৰ এলেক্সাৰ এগৰাকী অন্যতম কৰ্মকৰ্তা পুনেশ কুমাৰে মন্তব্য কৰে যে দেশৰ অন্যান্য প্ৰান্তৰ ভিন্ন বয়সৰ লোক সকলে এলেক্সাৰ মূল্য বুজি এলেক্সাক তেঁওলোকৰ দৈনন্দিন জীৱনৰ এক অংশ কৰি লোৱা কথাটোৱে এমাজনৰ কৰ্মকৰ্তা সকলক যথেষ্ট উৎসাহিত কৰে ৷
এক মন্তব্যত তেঁও কয় যে, "আমাৰ বাবে প্ৰত্যেক দিনেই প্ৰথম দিন ৷ যিহেতু আমি আমাৰ গ্ৰহক সকলৰ পৰা বহু কথা শিকো আৰু নতুন নতুন বিশেষত্ব যোগ কৰি যাঁও ৷ আমি সদায়েই বিভিন্ন বিষয়ত এলেক্সাৰ দখল বৃদ্ধি কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰো ৷"
জানিব পৰা মতে 85 শতাংশতকৈও অধিক পিন নম্বৰৰ পৰা 2020 বৰ্ষত ইক' স্মাৰ্ট স্পিকাৰ ক্ৰয় কৰা হৈছে ৷ এই ভইচ চাৰ্ভিছক আদৰণি জনাবৰ বাবে অপেক্ষা কৰি থকা গ্ৰাহক সকলৰ বাবে যাতে এলেক্সা সহজে উপলব্ধ হয় সেই উদ্দেশ্যে এমাজনে এলেক্সাৰ তৃতীয় বাৰ্ষিকীত বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কোম্পানীটোৱে ঘোষণা কৰা মতে 15 ফেব্ৰুৱাৰীৰ মাজৰাতিৰ পৰা 24 ঘন্টাৰ বাবে গ্ৰাহক সকলক এমাজনে ইক' ডিভাইচ, হ'ম বাণ্ডলছ আৰু বহুতো সামগ্ৰীত ব্লকবাষ্টাৰ অফাৰ দিয়াৰ বাবে সাজু হৈছে ৷
লগতে পঢ়ক:চীনা ক'ভিড প্ৰতিষেধক গ্ৰহণৰ বাবে নেপালক হেঁচা বেইজিঙৰ