ইন্টাৰনেশ্যনেল ডেস্ক, 19 ছেপ্টেম্বৰ :দক্ষিণ কোৰিয়াৰ টেক জায়ান্ট Samsungয়ে আগন্তুক Galaxy ডিভাইচসমূহত চেটেলাইট কানেক্টিভিটি ফিচাৰ প্ৰৱৰ্তনৰ পৰিকল্পনাৰ কথা বিবেচনা কৰিছে ।
টিপষ্টাৰৰ উদ্ধৃতি দি শনিবাৰে গিজমো চাইনাই(Gizmo China report) প্ৰকাশ কৰা অনুসৰি Galaxy S23 স্মাৰ্টফোনত এই জৰুৰীকালীন বৈশিষ্ট্য উপলব্ধ হ’ব নে নহয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই । এই বৈশিষ্ট্যত Satelliteৰ সহায়ত চেলুলাৰ চিগনেল কভাৰেজ নথকাৰ সময়তো ব্যৱহাৰকাৰীয়ে স্পষ্টভাৱে জৰুৰীকালীন ফোনকল কৰিব পাৰিব ।
টেক জায়ান্ট এপলে iPhone 14 ছিৰিজৰ সৈতে এই ছেটেলাইট কানেক্টিভিটি ফিচাৰ প্ৰৱৰ্তন কৰে । জানিব পৰা মতে, নৱেম্বৰ মাহলৈকে এই বৈশিষ্ট্য উপলব্ধ নহ’ব । এতিয়াৰ বাবে ই কেৱল আমেৰিকা আৰু কানাডাতহে কাম কৰিব । অৱশ্যে চলিত বৰ্ষৰ শেষৰ ফালে এপলে এই বৈশিষ্ট্য আন দেশলৈ অনাৰ পৰিকল্পনা কৰা বুলিও চৰ্চা চলিছে ।