ভাৰতীয় বজাৰত গ্ৰাহকৰ বাবে মুকলি কৰা হৈছে Samsung Galaxy M04 স্মাৰ্টফোন, এই হেণ্ডছেটটো কোম্পানীটোৰ Samsung Galaxy M03ৰ উন্নীতকৰণ সংস্কৰণ । গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহৰ কথা ক’বলৈ গ’লে এই চেমচাং মোবাইল ফোনটো ৰেম প্লাছ ফিচাৰ আৰু ডাঙৰ বেটাৰীৰ সৈতে মুকলি কৰা হৈছে । এই এণ্ট্ৰি লেভেল ফোনটোৰ জৰিয়তে কোম্পানীটোৱে দুবছৰৰ OS আপডেটও প্ৰদান কৰিব । আহক জানো Samsung Galaxy M04ৰ মূল্যৰ পৰা আৰম্ভ কৰি ভাৰতত উপলব্ধ বৈশিষ্ট্যসমূহৰ বিতং তথ্য ।
ভাৰতত Samsung Galaxy M04 মূল্য
এই চেমচাং মোবাইল ফোনটোৰ এটা একক ভেৰিয়েন্ট মুকলি কৰা হৈছে যিয়ে ৪ জিবি ৰেমৰ সৈতে ৬৪ জিবি ইণ্টাৰনেল ষ্ট’ৰেজ প্ৰদান কৰে, এই মডেলৰ মূল্য ৮৪৯৯ টকা । এই স্মাৰ্টফোন ক'ত উপলব্ধ হ'ব ইয়াৰ বিষয়ে ক’বলৈ গ’লে এই ফোন ই-কমাৰ্চ চাইট আমাজনত গ্ৰাহকৰ বাবে ১৬ ডিচেম্বৰৰ পৰা এই চেমচাং স্মাৰ্টফোনৰ বিক্ৰী আৰম্ভ হ’ব । এই ডিভাইচৰ চাৰিটা ৰঙৰ ভিন্নতা মুকলি কৰা হৈছে, গোল্ড, মিন্ট গ্ৰীণ, ব্লু আৰু হোৱাইট ।
Samsung Galaxy M04 স্পেচিফিকেশন
ডিছপ্লে: ফোনটোত ৬.৫ ইঞ্চিৰ এইচডি প্লাছ ডিছপ্লে আছে, যিয়ে ৯০ হাৰ্টজৰ ৰিফ্ৰেছ ৰেট প্ৰদান কৰে ।