নেশ্যনেল ডেস্ক, 14 ছেপ্টেম্বৰ:ফেচবুকে (now Meta) কমিউনিটি Chats নামৰ এটা নতুন বৈশিষ্ট মুকলি কৰিছে যিয়ে কম সময়তে ব্যৱহাৰকাৰীসকলক ফেচবুক আৰু মেচেঞ্জাৰ (Facebook and Messenger) দুয়োটাতে Text, Audio আৰু Videoৰ জৰিয়তে নিজৰ কমিউনিটিৰ সৈতে ৰিয়েল টাইমত সংযোগ স্থাপন কৰিব পাৰিব । মেটাৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে কয় যে, যিসকল লোকে আপোনজনৰ সৈতে নিজৰ প্ৰতিতো মূহুৰ্ত ভাগ বতৰা কৰা তথা সংযোগ স্থাপন কৰিব বিচাৰে সেইসকলৰ বাবে এক নতুন উপায় হিচাপে Real-time community Chats Feature গঢ়ি তোলা হৈছে (Facebook and Messenger new feature) ।
মেচেঞ্জাৰৰ মুৰব্বী লৰেডানা ক্ৰীছানে(Loredana Crisan, Head of Messenger) কয় যে, “১ বিলিয়নতকৈ অধিক লোকে বন্ধুৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ মেচেঞ্জাৰ ব্যৱহাৰ কৰে, আৰু অতি সোনকালে আপুনি মেচেঞ্জাৰৰ লগতে ফেচবুক গ্ৰুপৰ পৰাও Community Chats আৰম্ভ কৰিব পাৰিব ।” প্ৰশাসকসকলে এতিয়া কোনো বিষয়ৰ ওপৰত কথোপকথন আৰম্ভ কৰিব পাৰিব আৰু এটা পোষ্টত মানুহে মন্তব্য দিবলৈ অপেক্ষা কৰাৰ পৰিৱৰ্তে মূহুৰ্ততে সঁহাৰি লাভ কৰিব পাৰিব ।