অসম

assam

By

Published : Apr 2, 2023, 2:27 PM IST

ETV Bharat / science-and-technology

Anger attacks reason : শৈশৱৰ এইসমূহ আঘাতে খঙাল কৰি তুলিব পাৰে আপোনাক

শৈশৱৰ আঘাতে ক্ষতি কৰিব পাৰে এজন ব্যক্তিৰ প্ৰাপ্তবয়স্ক অৱস্থাত ৷ কিন্তু কেনেকৈ জানি লওক কাৰণ (Anger reason) ৷

People with traumatic childhood may be angry adults, says study
শৈশৱৰ আঘাতে ক্ষতি কৰিব পাৰে এজন ব্যক্তি প্ৰাপ্তবয়স্ক

শৈশৱৰ আঘাতে প্ৰাপ্তবয়স্ক হোৱাৰ পিচত এগৰাকী ব্যক্তিক খঙাল কৰি তুলিব পাৰে ৷ এক গৱেষণাৰ পৰা পোৱা তথ্য অনুসৰি শৈশৱত হতাশা আৰু উদ্বেগ থকা লোকসকল প্ৰায়ে ডাঙৰ হৈ খঙাল হৈ পৰে (Traumatic childhood) ৷ আঘাত যিমানেই গুৰুতৰ হয় সিমানেই প্ৰাপ্তবয়স্কজন ক্ষুব্ধ হৈ পৰে । ইয়াৰ ফলত সামাজিক যোগাযোগ আৰু মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰাৰ উপৰিও হতাশা আৰু উদ্বেগ বৃদ্ধি পায় । পেৰিছৰ ইউৰোপিয়ান কংগ্ৰেছ অৱ চাইকিয়াট্ৰিৰে কৰা গৱেষণাৰ পৰা পোৱা গৈছে এই তথ্য ।

পূৰ্বৰ গৱেষণাৰ মতে, উদ্বেগ আৰু হতাশা দুয়োটাৰ ফলতেই ৪০% তকৈ অধিক ৰোগীৰ খঙৰ প্ৰৱণতা বৃদ্ধি কৰে । তুলনামূলকভাৱে, মাত্ৰ 5 শতাংশ স্বাস্থ্যকৰ লোকৰ নিয়ন্ত্ৰণৰ এই সমস্যা আছে । কেইবাবছৰ ধৰি হতাশা আৰু উদ্বেগজনক বিকাৰৰ অগ্ৰগতিৰ ওপৰত অধ্যয়ণ কৰিবলৈ গঠন কৰা হৈছিল নেদাৰলেণ্ডছ ষ্টাডি অৱ ডিপ্ৰেছন এণ্ড এনজাইটি ৷ সম্প্ৰতি হতাশা আৰু উদ্বেগৰ ওপৰত অধ্যয়ন কৰি তথ্য প্ৰদান কৰিছে নেদাৰলেণ্ডছ ষ্টাডি অৱ ডিপ্ৰেছন এণ্ড এনজাইটি (Traumatic childhood may be angry adults)।

২০০৪ চনৰ পৰা আৰম্ভ হোৱা এই অধ্যয়নত ১৮ৰ পৰা ৬৫ বছৰৰ ভিতৰৰ অংশগ্ৰহণকাৰীসকলক লৈ তেওঁলোকৰ শৈশৱৰ বিষয়ে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰা হৈছিল ৷ অধ্যয়নৰ শেষলৈকে ২২৭৬ গৰাকী লোকে অংশগ্ৰহণ কৰিছিল । বছৰ বছৰ ধৰি কৰা এই অধ্যয়ণত তেওঁলোকে অংশগ্ৰহণকাৰীৰ পৰা বহু কথা জানিবলৈ চেষ্টা কৰিছিল (Anger attacks reason) ৷

যেনে শৈশৱৰ কোনো আঘাতৰ ইতিহাস, পিতৃ-মাতৃক হেৰুৱা আৰু পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ । গৱেষকৰ দলটোৱে অংশগ্ৰহণকাৰীসকলক অৱহেলা, আৱেগিক, শাৰীৰিক আৰু যৌন নিৰ্যাতনৰ বিষয়েও প্ৰশ্ন কৰিছিল ৷ এগৰাকী ব্যক্তিৰ খঙৰ প্ৰৱণতা কেনেকৈ প্ৰকাশ পায় এই বিষয়ে জানিবলৈ হতাশা আৰু উদ্বেগৰ সৈতে জড়িত বিভিন্ন মানসিক লক্ষণৰ বাবেও পৰীক্ষা কৰিছিল গৱেষকে (Anger attacks) ।

মুখ্য গৱেষক নিনকে ডি ব্লেছে (নেডাৰলেণ্ডৰ লিডেন বিশ্ববিদ্যালয়)কয় (Lead researcher Nienke De Bles) , "সাধাৰণতে খঙৰ ওপৰত কম গৱেষণা কৰা হৈছে । নেডাৰলেণ্ডৰ ষ্টাডি অৱ ডিপ্ৰেছন এণ্ড এন্জাইটি অধ্যয়ন হৈছে এক সুপ্ৰতিষ্ঠিত অধ্যয়ন যিয়ে যথেষ্ট ভাল বৈজ্ঞানিক তথ্য প্ৰস্তুত কৰিছে ৷ কিন্তু শৈশৱৰ আঘাতৰ লগত ক্ৰোধৰ সম্পৰ্কৰ বিষয়ে গুৰুত্বপূৰ্ণ কাম কৰা হোৱা নাই । আমি এতিয়া পাইছো যে এটা লিংক আছে।"

তেওঁ লগতে কয়, "আমি দেখিছিলো যে আৱেগিক অৱহেলা, শাৰীৰিক বা মানসিক উৎপীড়নৰ ইতিহাস থকা উদ্বিগ্ন বা হতাশাগ্ৰস্ত লোকসকলৰ খঙৰ সমস্যা হোৱাৰ সম্ভাৱনা 1.3 ৰ পৰা 2 গুণ অধিক আছিল । আমি গৱেষণাত লগতে পাইছিলো যে শৈশৱৰ অভিজ্ঞতা যিমানে বেদনাদায়ক হয়, প্ৰাপ্তবয়স্কৰ খঙৰ প্ৰতি প্ৰৱণতা সিমানে বেছি হয় । আমি নিশ্চিতভাৱে ক’ব নোৱাৰো যে আঘাতৰ ফলত প্ৰাপ্তবয়স্ক লোকৰ খং উঠে, কিন্তু আঘাতৰ সৈতে খঙৰ সম্পৰ্ক আছে সেই স্পষ্ট ।

তেওঁ লগতে কয়, "আমি দেখিলোঁ যে আৱেগিক অৱহেলাত ভুগি থকা শিশুসকলৰ খিংখিঙীয়া বা সহজে খং উঠা প্ৰাপ্তবয়স্কলৈ বৃদ্ধি পোৱাৰ প্ৰৱণতা বৃদ্ধি পায়, আনহাতে শাৰীৰিকভাৱে নিৰ্যাতিত হোৱা শিশুসকলৰ খং আক্ৰমণ বা অসামাজিক ব্যক্তিত্বৰ বৈশিষ্ট্যৰ প্ৰতি অধিক প্ৰৱণতা থাকে । যৌন নিৰ্যাতনৰ ফলত খং দমন হোৱাৰ প্ৰৱণতা আছিল ৷"

তেওঁ লগতে কয়, "সহজতে খং উঠিলে কেইবাটাও পৰিণতি হ’ব পাৰে । ই ব্যক্তিগত পাৰস্পৰিক ক্ৰিয়া-কলাপ অধিক কঠিন কৰি তুলিব পাৰে আৰু ইয়াৰ পৰিণতি আপোনাৰ মানসিক স্বাস্থ্য আৰু সুস্থতাৰ ওপৰত হ’ব পাৰে । কিন্তু যিসকল লোকে সহজে খং কৰে তেওঁলোকৰ মানসিক চিকিৎসা বন্ধ কৰাৰ প্ৰৱণতাও বেছি, গতিকে এই খঙৰ অৰ্থ হ’ব পাৰে যে এই খঙে তেওঁলোকৰ উন্নত জীৱনৰ সম্ভাৱনা হ্ৰাস কৰে।"

মুখ্য গৱেষক নিনকে ডি ব্লেছে কয়, "যদি ব্যক্তিজনে নিজৰ খঙৰ প্ৰৱণতাটো দমন কৰি ৰাখে, তেন্তে থেৰাপিষ্টে হয়তো দেখা নাপাব । অতীতৰ আঘাতৰ মানসিক চিকিৎসা বৰ্তমানৰ হতাশাৰ চিকিৎসাৰ তুলনাত পৃথক হ’ব পাৰে, গতিকে মনোৰোগ বিশেষজ্ঞই কাৰণ বুজিবলৈ চেষ্টা কৰিব লাগিব যাতে তেওঁলোকে প্ৰতিজন ৰোগীক সঠিক চিকিৎসা আগবঢ়াব পাৰে ।" (ANI)

লগতে পঢ়ক:International Fact Checking Day: ভুৱা তথ্য বিষয়বস্তুৰ নিয়ন্ত্ৰণত তথ্য-পৰীক্ষাৰ ভূমিকা কি ?

ABOUT THE AUTHOR

...view details