বিজ্ঞান ডেস্ক, 12 এপ্ৰিল :টেলিকম নেটৱৰ্ক আৰু ৫জি প্ৰযুক্তি চাপ্লায়াৰ নকিয়াই ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই কৰা আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাছিয়াৰ বজাৰৰ পৰা প্ৰস্থান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে (Nokia exits Russian market) । ফিনলেণ্ডস্থিত এস্পু নামৰ কোম্পানীটোৱে মঙলবাৰে জানিবলৈ দিয়ে যে "ৰাছিয়ান সেনাৰ ইউক্ৰেইন আক্ৰমণৰ প্ৰথন দিনটোৰ পৰাই নকিয়াৰ বাবে এইটো স্পষ্ট হৈ আহিছে যে ৰাছিয়াত আমাৰ ব্যৱসায়িক উপস্থিতি অব্যাহত ৰখাটো সম্ভৱ নহ'ব ।"
নকিয়াই জানিবলৈ দিছে যে, তেওঁলোকে বিতৰণ স্থগিত ৰাখিছে, নতুন ব্যৱসায় বন্ধ কৰিছে (Nokia stops operation in Russia) আৰু যোৱা সপ্তাহবোৰত গৱেষণা আৰু ডেভেলপমেন্টৰ কামবোৰ ৰাছিয়াৰ পৰা বাহিৰলৈ স্থানান্তৰ কৰিছে । কোম্পানীটোৱে সদৰি কৰিছে যে, 2021 চনত ৰাছিয়াত নকিয়াৰ বিক্ৰীৰ 2% তকৈও কম আছিল (Nokia's sale drops in Russia) ৷