অসম

assam

ETV Bharat / science-and-technology

পোকেমন গ'ৰ AR সংস্কৰণ প্ৰস্তুতৰ বাবে মাইক্ৰ'চফ্টৰ সৈতে মিলিত হৈছে নিয়ান্তিক

ম'বাইল গেমিঙৰ বজাৰখনত পোকেমন গ' য়ে এক জোৱাৰৰ সৃষ্টি কৰাৰ পাছতে এতিয়া মাইক্ৰচফ্টে ইয়াৰ হ'লোলেন্স 2 অগমেন্টেড ৰিয়েলিটি (এআৰ) হেডছেটত চলি থকা খেলটো প্ৰদৰ্শন কৰিছে ৷ এই প্ৰদৰ্শনে নিয়াণ্টিকৰ প্লেনেট-স্কেল প্লেটফৰ্মত নিৰ্মিত পোকেমন গ' ৰ অনুভৱৰ ক্ষমতা দেখুৱাইছে, যাৰ জৰিয়তে লাখ লাখ লোকে বাস্তৱ পৃথিৱীত এক বৰ্ধিত বাস্তৱতা (AR reality) ৰ অভিজ্ঞতা লাভ কৰাত সক্ষম হ'ব ৷

পোকেমন গ'ৰ AR সংস্কৰণ প্ৰস্তুতৰ বাবে মাইক্ৰ'চফ্টৰ সৈতে মিলিত হৈছে নিয়ান্তিক
পোকেমন গ'ৰ AR সংস্কৰণ প্ৰস্তুতৰ বাবে মাইক্ৰ'চফ্টৰ সৈতে মিলিত হৈছে নিয়ান্তিক

By

Published : Mar 4, 2021, 6:00 PM IST

চফ্টৱেৰ ডেভেলপমেন্ট কোম্পানী নিয়ান্তিকে পোকেমন গ' ৰ AR সংস্কৰণ তৈয়াৰ কৰাৰ বাবে মাইক্ৰচফ্টৰ সৈতে মিলিত হৈছে ৷ ইতিমধ্যে মাইক্ৰচফ্টে ইয়াৰ হ'লোলেন্স 2 অগমেন্টেড ৰিয়েলিটি (এআৰ) হেডছেটত চলি থকা খেলটো প্ৰদৰ্শন কৰিছে আৰু এই প্ৰদৰ্শনৰ জৰিয়তে নিয়াণ্টিকৰ প্লেনেট-স্কেল প্লেটফৰ্মত নিৰ্মিত পোকেমন গ' ৰ অনুভৱৰ ক্ষমতা দেখুওৱা হৈছে ৷ ইয়াৰ জৰিয়তে লাখ লাখ লোকে বাস্তৱ পৃথিৱীতেই বৰ্ধিত বাস্তৱতা (AR reality) ৰ অভিজ্ঞতা লাভ কৰিব পাৰিব ৷

কোম্পানীৰ ইগ্নাইট-২০২১ ভাৰ্চুৱেল অনুষ্ঠানত এই ঘোষণা হৈছিল ৷ এই অনুষ্ঠানতে কোম্পানীটোৱে Azure ৰ দ্বাৰা চালিত এক নতুন মিশ্ৰিত-বাস্তৱিক মঞ্চ Mesh ৰো ঘোষণা কৰিছিল, যাৰ জৰিয়তে বিভিন্ন স্থানত উপস্থিত লোক সকলে বেলেগ বেলেগ ডিভাইচত হ'লগ্ৰাফিক অভিজ্ঞতাৰ কথা শ্বেয়াৰ কৰিব পাৰে ৷

কোম্পানীয়ে মঙলবাৰে নিশা নিজৰ বিবৃতিত কৈছিল যে, মাইক্ৰ'চফ্ট Mesh প্লেটফৰ্মে অহা কিছু মাহত তৃণমূল পৰ্যায়ৰ পৰা কাম কৰিব আৰু ব্যৱহাৰকাৰীৰ বাবে ই ডেভেলপাৰক AI-powered সামগ্ৰী, ছন্দসমতা আদি প্ৰদানত সহায় কৰিব ৷

মাইক্ৰ'চফ্টৰ টেকনিকেল ফেল' এলেক্স কিপমানে কয়, "এয়া আৰম্ভণিৰ পৰাই আমাৰ এক সপোন আছিল ৷"

তেওঁ কয়, বাস্তৱতে এই কথা অনুভৱ কৰিব পাৰিব যে, আপুনি সামগ্ৰী ব্যৱহাৰ কৰি থকা কোনো লোকৰ সৈতে একে স্থানতে আছে অথবা আপুনি বিভিন্ন মিশ্ৰিত বাস্তৱিক উপকৰণেৰে টেলিপোৰ্ট কৰিব আৰু আৰু তেতিয়াও কোনো লোকৰ সৈতে সোশৰীৰে উপস্থিত নাথাকিলেও অন্য লোকৰ সৈতে জড়িত হৈ থকা যেন অনুভৱ হ'ব ৷

মাইক্ৰ'চফ্ট Mesh য়ে ভৌগোলিকভাৱে বিভাজন হোৱা টীমক অধিক সহায়ক বৈঠক, ভাৰ্চুৱেল ডিজাইন ছেচন, অন্য লোকক সহযোগিতা, একেলগে শিক্ষা লাভ আৰু ভাৰ্চুৱেল সামাজিক আলোচনাত অংশ লোৱাত সহায় কৰিব ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details