নেশ্যনেল ডেস্ক, ১ আগষ্ট :চন্দ্ৰযান-৩ৰ যাত্ৰা অব্যাহত আছে । চন্দ্ৰত ছফ্ট লেণ্ডিঙৰ লক্ষ্যৰে চন্দ্ৰযানে ইয়াৰ যাত্ৰা অব্যাহত ৰাখিছে । ইয়াৰ মাজতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে মঙলবাৰে জনাইছে যে, সফলতাৰে চন্দ্ৰযান-৩ ক ট্ৰেন্সলুনাৰ কক্ষপথত স্থাপন কৰা হৈছে । এগৰাকী বিষয়াই এই তথ্য প্ৰকাশ কৰিছে । ইফালে ইছৰোৱে টুইট কৰি কৈছে যে চন্দ্ৰযান ৩ য়ে পৃথিৱীৰ চাৰিওফালে কক্ষপথত যাত্ৰা সম্পূৰ্ণ কৰিছে আৰু চন্দ্ৰৰ ফালে আগবাঢ়িছে ।
আই.এছ.টি.আৰ.এ.চি.-ত এক সফল পেৰিজি-ফায়াৰিং কৰা হৈছিল, ইছৰোৱে মহাকাশযানখন ট্ৰেন্সলুনাৰ কক্ষপথত স্থাপন কৰিছে । পৰৱৰ্তী পদক্ষেপ হ'ব চন্দ্ৰযান-অৰ্বিট ইনচাৰ্চন-এল.ও.আই. ৫ আগষ্টত চন্দ্ৰত অৱতৰণৰ পৰিকল্পনা কৰা ।
ট্ৰেন্সলুনাৰ অৰ্বিট ইনজেকচন হৈছে সেই প্ৰক্ৰিয়া যাৰ জৰিয়তে মহাকাশ যানক চন্দ্ৰৰ চাৰিওফালে গতিপথত স্থাপন কৰা যাতে ই চন্দ্ৰত অৱতৰণ কৰিব পাৰে । ইছৰোৱে কয় যে, চন্দ্ৰযানে ৫ আগষ্টত এলঅ'আই প্ৰক্ৰিয়া সম্পন্ন কৰিব ।
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই কোৱা মতে ২৩ আগষ্টত চন্দ্ৰযান-৩য়ে চন্দ্ৰপৃষ্ঠত লেণ্ডাৰৰ ছফ্ট লেণ্ডিঙৰ চেষ্টা কৰিব । চন্দ্ৰযান-৩ত এটা প্ৰপালচন মডিউল (২,১৪৮ কিলোগ্ৰাম ওজনৰ), এটা লেণ্ডাৰ (১,৭২৩.৮৯ কিঃগ্ৰাঃ) আৰু এটা ৰোভাৰ (২৬ কিঃগ্ৰাঃ) আছে ।
এই চন্দ্ৰ অভিযানৰ মূল উদ্দেশ্য হৈছে লেণ্ডাৰে চন্দ্ৰত ছফ্ট লেণ্ডিং কৰা । চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰাৰ কেইদিনমান পাছতে লেণ্ডাৰ প্ৰপালচন মডিউলৰ পৰা পৃথক হ'ব । লেণ্ডাৰে ২৩ আগষ্টৰ সন্ধিয়া ৫.৪৭ বজাত চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত ছফ্ট লেণ্ডিং কৰিব বুলি আশা কৰা হৈছে । ছফ্ট লেণ্ডিং এক জটিল প্ৰক্ৰিয়া, কিয়নো ইয়াত খহটা আৰু সূক্ষ্ম ব্ৰেকিং সহ কেইবাটাও জটিল কৌশল অন্তৰ্ভুক্ত থাকে । ছফ্ট লেণ্ডিঙৰ পাছত, ৬ চকীয়া ৰ’ভাৰ ওলাই আহিব আৰু চন্দ্ৰপৃষ্ঠত এটা চন্দ্ৰ দিনৰ বাবে পৰীক্ষা-নিৰীক্ষা কৰিব । চন্দ্ৰৰ এদিন হৈছে পৃথিৱী ১৪ দিনৰ সমান ।
লগতে পঢ়ক :Chandrayaan3 mission : চন্দ্ৰযান-৩ৰ পঞ্চম কক্ষপথ সফলতাৰে পৰিৱৰ্তন কৰালে ইছৰোৱে