অসম

assam

ETV Bharat / science-and-technology

শনিবাৰে মুন ৰকেট উৎক্ষেপণৰ লক্ষ্য লৈছে নাছাই - NASA Moon Rocket Artemis I

শনিবাৰে নাছাৰ বহু প্ৰত্যাশিত মুন ৰকেট আৰ্টেমিছ প্ৰথম (NASA Moon Rocket Artemis I) উৎক্ষেপণ কৰাৰ লক্ষ্য লৈছে ৷ ইঞ্জিন বিকল হোৱাৰ বাবে সোমবাৰে (২৯ আগষ্ট) স্থগিত ৰখা হৈছিল এই পৰীক্ষা(NASA aims for Saturday launch of new moon rocket) ।

NASA AIMS FOR SATURDAY LAUNCH OF NEW MOON ROCKET TAKE 2
শনিবাৰে মুন ৰকেট উৎক্ষেপণৰ লক্ষ্য লৈছে নাছাই

By

Published : Aug 31, 2022, 8:11 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 31 আগষ্ট:শনিবাৰে নাছাৰ বহু প্ৰত্যাশিত মুন ৰকেট আৰ্টেমিছ প্ৰথম (NASA Moon Rocket Artemis I) উৎক্ষেপণ কৰাৰ লক্ষ্য লৈছে ৷ ইঞ্জিন বিকল হোৱাৰ বাবে সোমবাৰে (২৯ আগষ্ট) স্থগিত ৰখা হৈছিল এই পৰীক্ষা । মঙলবাৰে (৩০ আগষ্ট) এখন পৰিচালনা সভাৰ আলোচনাৰ অন্তত শনিবাৰে (৩ ছেপ্টেম্বৰ) আৰ্টেমিছ আই পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয় (NASA aims for Saturday launch of new moon rocket) ৷

ছয় সপ্তাহজোৰা এই পৰীক্ষামূলক উৎক্ষেপন সফল হ’লে কেইবছৰমানৰ ভিতৰতে মহাকাশচাৰীসকল পুনৰ চন্দ্ৰলৈ যাব পাৰিব । অৱশ্যে নাছাৰ বিষয়াই জনোৱা মতে, এই ৰকেটখন অধিক বিপদৰ পৰা সহজতে ৰক্ষা পৰিবৰ বাবে ৰকেটৰ সময়সীমা হ্ৰাস কৰিব পৰা যাব ।

মহাকাশচাৰীৰ সলনি তিনিটা টেষ্ট ডামি অৰিয়ান কেপচুল ৰকেটত ৰাখি কম্পন, ত্বৰণ আৰু বিকিৰণ জুখিব পৰা যায় । ইয়াৰ কেপচুলত ১০০০ৰো অধিক চেন্সৰ আছে । যদি এই উৰণ সফল হয় তেন্তে ৫০ বছৰ পূৰ্বে নাছাৰ এপ’ল’ কাৰ্যসূচীৰ পিছত চন্দ্ৰলৈ উৰি যোৱা এয়া প্ৰথমটো কেপচুল হ’ব (NASA's Apollo program 50 years ago)।

উল্লেখ্যে যে, নাছাৰ বিষয়াসকলে দেওবাৰে জনোৱা মতে, বিগত 27 তাৰিখে বজ্ৰপাতৰ সময়ত নাছাৰ কেনেডি স্পেচ চেণ্টাৰত ৰকেট বা কেপচুলৰ কোনো ধৰণৰ ক্ষতি হোৱা নাছিল । অন্য সা-সৰঞ্জামৰো কোনো ধৰণৰ ক্ষতি হোৱা নাছিল ।

কিন্তু নাছাৰ কেনেডি স্পেচ চেণ্টাৰত (NASA's Kennedy Space Centre)ৰকেটখনক আগুৰি থকা ৬০০ ফুট দৈৰ্ঘ্যৰ টাৱাৰৰ সমীপত পাঁচটাকৈ বজ্ৰপাত সংঘটিত হয় । মন কৰিবলগীয়া যে, নাছাৰ আৰ্টেমিছ-১ অভিযান প্ৰায় ডেৰ শতিকাৰ পিছত মানুহক চন্দ্ৰলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ দিশে আগবাঢ়িছে ।

শনিবাৰে হ’বলগীয়া(৩ ছেপ্টেম্বৰ) এই অভিযান নাছাৰ স্পেচ লঞ্চ চিষ্টেম আৰু অৰিয়ান কেপচুলৰ বাবে এক গুৰুত্বপূৰ্ণ যাত্ৰা হ’ব । মহাকাশযানখন চন্দ্ৰলৈ যাব, কিছুমান সৰু সৰু উপগ্ৰহ কক্ষপথত এৰি তাৰ পিছত নিজেই কক্ষপথত থাকিব । এই পৰীক্ষাসমূহ চলোৱাৰ মূল উদ্দেশ্য আছিল মহাকাশযানখনৰ হেণ্ডলিং পৰীক্ষা কৰা আৰু চন্দ্ৰত মহাকাশচাৰীসকলে অনুভৱ কৰা অৱস্থাৰ অনুসন্ধান কৰা । ইফালে, মহাকাশচাৰীসকল শনিবাৰে চন্দ্ৰ ৰকেট উৎক্ষেপণৰ লক্ষ্য কৰি লৈছে ৷

লগতে পঢ়ক :উৎক্ষেপণৰ বাবে সাজু নাছাৰ মুন ৰকেট

ABOUT THE AUTHOR

...view details