নেশ্যনেল ডেস্ক, 16 আগষ্ট :ভাৰত বায়'টেক(BBIL) ইণ্টাৰনেশ্যনেল লিমিটেডে সোমবাৰে কয় যে, নিয়ন্ত্ৰিত ক্লিনিকেল ট্ৰায়েলৰ তৃতীয় পৰ্যায়ত তেওঁলোকৰ ক'ভিড-১৯ ইন্ট্ৰানেজেল ভেকচিন BBV154ৰ (COVID-19 intranasal vaccine) সুৰক্ষিত, সুসহনীয়, আৰু ইমিউন'জেনিক বুলি প্ৰমাণিত হৈছে । ভেকচিন গ্ৰহণ কৰাৰ পূৰ্বে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েলত ইয়াৰ মূল্যায়ন কৰি এই ভেকচিনৰ সফল ফলাফল পোৱা গৈছিল(COVID 19 intranasal vaccine Phase III trials over) ।
উল্লেখ্য যে, BBV154 ভেকচিন বিশেষভাৱে নাকৰ দ্বাৰা দিব পৰাকৈ প্ৰস্তুত কৰা হৈছে । তদুপৰি, কম আৰু মধ্যম আয়ৰ দেশসমূহত ব্যয়বহুল হ'ব পৰাকৈ intranasal delivery ব্যৱস্থাটো ডিজাইন আৰু বিকশিত কৰা হৈছে বুলি ভেকচিন নিৰ্মাতা কোম্পানীটোৰ এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে উল্লেখ কৰে ।
ৱাশ্বিংটন ইউনিভাৰ্চিটি ছেইণ্ট লুইছৰ(Washington University St Louis) সৈতে অংশীদাৰিত্বৰে প্ৰস্তুত কৰা হৈছে এই BBV154 ভেকচিন ৷ যিয়ে পুনঃসংযোজিত এডিন'ভাইৰেল ভেক্টৰযুক্ত কনষ্ট্ৰাক্টসমূহৰ(Adenoviral vectored constructs and Evaluated) ডিজাইন আৰু বিকাশ কৰিছিল আৰু প্ৰাক্-ক্লিনিকেল অধ্যয়নত ইয়াৰ কাৰ্যকাৰিতা মূল্যায়ন কৰিছিল ।
প্ৰাক-ক্লিনিকেল সুৰক্ষা মূল্যায়ন, বৃহৎ পৰিসৰৰ উৎপাদন স্কেল-আপ, প্ৰস্তুতি, আৰু মানৱ ক্লিনিকেল পৰীক্ষাকে ধৰি ডেলিভাৰী ডিভাইচ বিকাশৰ সৈতে জড়িত পণ্য বিকাশ ভাৰত বায়'টেকে সম্পন্ন কৰিছিল(Bharat Biotech International Limited) । কেন্দ্ৰীয় চৰকাৰে জৈৱ প্ৰযুক্তি বিভাগৰ, ক'ভিড সুৰক্ষা কাৰ্যসূচীৰ জৰিয়তে সামগ্ৰী বিকাশ আৰু ক্লিনিকেল ট্ৰায়েলৰ বাবে আংশিক ধন আগবঢ়াইছিল(Product development and clinical trials) ।
লগতে পঢ়ক :Ava Bracelet: আগতীয়াকৈ জানিব পাৰিব, আপুনি ক'ভিডত আক্ৰান্ত হ'ব নেকি ?