অসম

assam

ETV Bharat / science-and-technology

নাইট্ৰিক অক্সাইডৰ সেৱন ক’ভিডৰ বিৰুদ্ধে উপকাৰী হ‘ব পাৰে: গৱেষণা - iNO Therapy in covid treatment

চিকিৎসক আৰু বিজ্ঞানী সকলৰ দ্বাৰা চলোৱা এক শেহতীয়া অধ্যয়নত পোৱা গৈছে যে নাইট্ৰিক অক্সাইডৰ সেৱন ভাইৰাছৰ বিৰুদ্ধে উপকাৰী (Ihaling NITRIC OXIDE can be effective against Covid) আৰু ই SARS-CoV 2 ভাইৰাছ ধ্বংস কৰাৰ উপৰিও মানৱ দেহৰ কোষ সমূহক সুৰক্ষিত কৰি এই ভাইৰাছক প্ৰতিহত কৰিব পাৰে ।

INHALING NITRIC OXIDE
গৱেষণাই কৈছে নাইট্ৰিক অক্সাইডৰ সেৱন ক’ভিডৰ বিৰুদ্ধে উপকাৰী হ‘ব পাৰে

By

Published : Feb 5, 2022, 4:16 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ৫ ফেব্ৰুৱাৰীঃ কেৰালাৰ কোচিত অৱস্থিত অমৃতা হাস্পাতালৰ বায়’টেকনলজি অধ্যয়ন কেন্দ্ৰৰ চিকিৎসক আৰু কিছু বিজ্ঞানীৰ দ্বাৰা চলোৱা এক শেহতীয়া গৱেষণাত এই কথা জনা গৈছে যে নাইট্ৰিক অক্সাইডৰ সেৱন ভাইৰাছৰ বিৰুদ্ধে উপকাৰী আৰু ই SARS-CoV 2 ভাইৰাছ ধ্বংস কৰাৰ উপৰিও মানৱ দেহৰ কোষ সমূহক সুৰক্ষিত কৰি এই ভাইৰাছক প্ৰতিহত কৰিব পাৰে (Ihaling NITRIC OXIDE can be effective against Covid) ।

হাস্পতাল খনত থকা এজন ক’ভিড ৰোগীৰ ওপৰত চলোৱা এক পৰীক্ষাত এই কথা স্পষ্ট হৈছে যে তেওঁক নাইট্ৰিক অক্সাইড থেৰাপী (iNO Therapy) দিয়াৰ পাছত আন ক’ভিড ৰোগীৰ তুলনাত তেওঁ সোনকালে সুস্থ হৈ উঠে আৰু তেওঁৰ বেমাৰৰ জটিলতা সমূহ আন ৰোগীতকৈ কম হোৱা দেখা যায় ।

হাস্পতাল খনৰ জীৱ বিজ্ঞান বিভাগৰ ডীন বিপিন নায়াৰৰ মতে বহু আগতেই চুইডেনৰ এক চিকিৎসক গোটে চলোৱা অধ্যয়নৰ ওপৰত ভিত্তি কৰি তেওঁলোকে ক’ভিড ৰোগীৰ ক্ষেত্ৰত নাইট্ৰিক অক্সাইডৰ প্ৰয়োগ কৰিছে আৰু ই সফল বুলি প্ৰমাণিত হৈছে । তেওঁ কয় যে নাইট্ৰিক অক্সাইডৰ প্ৰয়োগে জৈৱ-ৰাসায়নিক পৰিৱৰ্তন সম্পন্ন কৰে যিয়ে ক’ভিড ভাইৰাছৰ প্ৰ'টিনক পোনপটীয়াকৈ প্ৰভাৱিত কৰে।

"প্ৰ'টিন হৈছে আমাৰ শৰীৰৰ ৰিচেপ্টৰ, যিয়ে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালীক ধ্বংস কৰাত সহায় কৰে", নায়াৰে কয় । অমৃতা চিকিৎসালয়ৰ বিশেষজ্ঞৰ দলটোৱে অমৃতা চিকিৎসালয়ত ভৰ্তি হোৱা ক’ভিড ৰোগীৰ এটা সৰু গোটৰ ওপৰত এই পৰীক্ষাটো কৰাৰ সিদ্ধান্ত লৈছিল । অধ্যয়নটোৰ বাবে বাছনি কৰা 25 জন ৰোগীৰ ভিতৰত ১৪ জনক সচৰাচৰ দৰৱ দিয়াৰ লগতে নাইট্ৰিক অক্সাইড থেৰাপী (iNO Therapy) প্ৰদান কৰা হৈছিল । আনহাতে ১১ জন ৰোগীক ক’ভিডৰ চিকিৎসাৰ সাধাৰণ দৰৱ দিয়া হৈছিল । শেষত নাইট্ৰিক অক্সাইড থেৰাপীৰ দ্বাৰা চিকিৎসা কৰা ৰোগীসকলে ভাইৰাছক সোনকালে প্ৰতিহত কৰাত সক্ষম হৈছিল বুলি নায়াৰে জানিবলৈ দিয়ে ।

এই পৰীক্ষাৰ পাছত ক’ব পাৰি যে, স্বাস্থ্যসেৱা কৰ্মীসকল যিসকল নিৰন্তৰ ক’ৰণা ভাইৰাছৰ সংস্পৰ্শলৈ আহে অথবা সংক্ৰমিত ৰোগীৰ চিকিৎসা কৰে তেওঁলোকে চিকিৎসা কৰাৰ সময়ত নাইট্ৰিক অক্সাইডক ৰোগ প্ৰতিৰোধক হিচাপেও ব্যৱহাৰ কৰিব পাৰে, নায়াৰে এনেদৰে পৰামৰ্শ দিয়ে ৷ অমৃতা চিকিৎসালয়ৰ অধ্যয়নৰ দলটোৱে ক’ভিড-১৯ ৰোগীৰ ক্ষেত্ৰত প্ৰয়োগ কৰা নাইট্ৰিক অক্সাইডৰ ইতিবাচক ভূমিকাক এতিয়া পৰৱৰ্তী স্তৰলৈ লৈ যোৱাৰ বাবে আহ্বান জনাইছে।

লগতে পঢ়ক:Brahmos Super Sonic Missile : নতুন ব্ৰহ্মোচ ছুপাৰ ছ’নিক ক্ষেপণাস্ত্ৰৰ সফল সম্পৰীক্ষণ সম্পূৰ্ণ

ABOUT THE AUTHOR

...view details