অসম

assam

ETV Bharat / science-and-technology

Cervical Cancer Vaccine: শীঘ্ৰেই ভাৰতে মুকলি কৰিব জৰায়ু কেঞ্চাৰৰ ভেকচিন

আগন্তুক কেইমাহমানৰ ভিতৰত ভাৰতত মুকলি হ’ব প্ৰথমটো Quadrivalent Human Papillomavirus Vaccine (qHPV) ছাৰ্ভাইকেল কেঞ্চাৰৰ বিৰুদ্ধে মুকলি কৰা হ’ব বুলি কয় আদাৰ পুনাৱাল্লাই(India develops its first cervical cancer vaccine) ৷

India develops its first cervical cancer vaccine
শীঘ্ৰেই ভাৰতে মুকলি কৰিব জৰায়ু কেঞ্চাৰৰ ভেকচিন

By

Published : Sep 5, 2022, 11:03 PM IST

আগন্তুক কিছুমাহৰ ভিতৰত দেশৰ বজাৰত উপলব্ধ হ’ব জৰায়ুৰ কেঞ্চাৰৰ(Cervical cancer) প্ৰথম টিকা । পুনেৰ ছিৰাম ইনষ্টিটিউটে প্ৰস্তুত কৰা নতুন এই প্ৰতিষেধকৰ দাম সাধাৰণ জনতাৰ বাবে সাধ্যৰ ভিতৰত হ’ব বুলি জানিব পৰা গৈছে । দেশৰ মানুহৰ আৰ্থ সামাজিক দিশৰ প্ৰতি নজৰ ৰাখিয়ে সমগ্ৰ দেশজুৰি মাত্ৰ ২০০ৰ পৰা ৪০০ টকাৰ ভিতৰতে দেশৰ মহিলা–যুৱতীয়ে জৰায়ুৰ কেঞ্চাৰৰ বিৰুদ্ধে শৰীৰত প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিব পাৰিব । হ্ৰাস পাব কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা(Cost of cervical cancer vaccine set to be Rs 200-400) । ভাৰতবৰ্ষত কেইমাহমানৰ পিছতে মুকলি কৰা হ'ব হিউমেন পেপিলোমা ভাইৰাছ (QHPV) ভেকচিন ৷

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰী জিতেন্দ্ৰ সিঙে বৃহস্পতিবাৰে এক বিশেষ অনুষ্ঠানত কয় যে, জৰায়ুৰ কেঞ্চাৰৰ ভেকচিন(Cervical Cancer Vaccine)তৈয়াৰৰ কাম ইতিমধ্যে সমাপ্ত হৈছে । এইবাৰ অতি দ্ৰুততাৰে জনসাধাৰণৰ ওচৰলৈ এই ভেকচিন লৈ যোৱাৰ কাম আৰম্ভ হ’ব । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ক'ভিড পৰিস্থিতিয়ে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা সম্পৰ্কে সচেতনতা বৃদ্ধি কৰিছে ।

ইয়াৰ ফলস্বৰূপে ছাৰভাইকেল কেঞ্চাৰৰ টিকাৰ দৰে প্ৰতিষেধক তৈয়াৰৰ কাম দ্ৰুততাৰে শেষ কৰা সম্ভৱ হৈছে । বৈজ্ঞানিক আৱিষ্কাৰসমূহে সকলো সময়তে তেওঁলোকৰ প্ৰাপ্য সন্মান নাপায় । কৰ্কট ৰোগৰ ক্ষেত্ৰত দেশৰ বিজ্ঞানীসকলে ইমান ডাঙৰ সফলতা লাভ কৰিছে আৰু তেওঁলোকৰ এই সফলতা উদযাপন কৰাৰ বাবেই আজি এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।

ক'ভিড ভেকচিন প্ৰস্তুত কৰি বিশ্বজুৰি ক'ভিড সংক্ৰমণ ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল পুনেৰ ছিৰাম ইনষ্টিটিউটে । এইবাৰ এই সংস্থাটোৱে বজাৰলৈ আনিবলৈ সাজু হৈছে জৰায়ুৰ কেঞ্চাৰৰ ভেকচিন । এই কেঞ্চাৰৰ আঁৰত আছে হিউমেন পেপিলোমা ভাইৰাছ, আৰু সেই ভাইৰাছক ৰোধ কৰাৰ ক্ষেত্ৰত কামত আহিব ছিৰামৰ এই নতুন টিকা ।

বৃহস্পতিবাৰে ভাৰতীয় ছিৰাম ইনষ্টিটিউট (SII)ৰ মুখ্য কাৰ্যবাহী বিষয়া আদাৰ পুনাৱাল্লাই কয় যে, "জৰায়ুৰ কেঞ্চাৰৰ টিকাৰ দাম ২০০ৰ পৰা ৪০০ টকাৰ ভিতৰত হিউমেন পেপিলোমা ভাইৰাছ (qHPV)ভেকচিনৰ মূল্য ধাৰ্য কৰা হ’ব । সকলো ঠিকে থাকিলে চলিত বছৰৰ শেষৰফালে এই ভেকচিন বজাৰলৈ আনিব পৰা যাব বুলি আমি আশাবাদী ।"

লগতে পঢ়ক:অমিক্ৰনত আক্ৰান্ত টিকা লোৱা লোকসকল চাৰিগুণ অধিক সুৰক্ষিত: অধ্যয়ন

ABOUT THE AUTHOR

...view details