অসম

assam

ETV Bharat / science-and-technology

Apple iPhone: চীনক প্ৰত্যুত্তৰ দিবলৈ সাজু ভাৰত চৰকাৰ - এপলে আইফোন উৎপাদন

এপলে আইফোন উৎপাদনৰ কিছু অংশ চীনৰ বাহিৰলৈ আনিব বিচাৰিছে । কেন্দ্রীয় চৰকাৰে Appleৰ ওপৰত এই পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰসমূহৰ সৈতে বাৰ্তালাপত মিলিত হৈছে ৷

In preparation of giving a big blow to China Indian government wants to bet on Apple
চীনক প্ৰত্যুত্তৰ দিবলৈ সাজু ভাৰত চৰকাৰ, গ্ৰহণ কৰিব এই পদক্ষেপ

By

Published : Dec 7, 2022, 5:48 PM IST

নিউজ ডেস্ক, 7 ডিচেম্বৰ: চীনত অৱস্থিত Foxconnৰ মেনুফেকচাৰিং ইউনিটত Apple iPhoneবৃহৎ পৰিসৰত উৎপাদন কৰা হয় যদিও চীনত চলি থকা লকডাউন আৰু কাৰখানাত শ্ৰমিকৰ প্ৰতিবাদৰ বাবে উৎপাদনত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে, যাৰ বাবে উৎপাদন... আইফোনৰ মডেলত যথেষ্ট প্ৰভাৱ পৰিছে।ইয়াৰ প্ৰভাৱ পৰিছে । এই কাৰণেই এপলে নিজৰ আইফোন মডেলৰ উৎপাদনৰ কিছু অংশ চীনৰ বাহিৰলৈ আনিবলৈ সাজু হৈছে আৰু ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে বহু ৰাজ্য চৰকাৰৰ সৈতে কথা পাতিবলৈ আৰম্ভ কৰিছে(In preparation of giving a big blow to China) ।

কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ সৈতে কথা পাতি এক কৌশল প্ৰস্তুত কৰিবলৈ কয় যাতে স্মাৰ্টফোন নিৰ্মাতাসকলৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰিব পৰা যায় । চৰকাৰৰ এই পদক্ষেপে চীনৰ পৰিৱৰ্তে ভিয়েটনামলৈ মনোযোগ দিয়া বহু হেণ্ডছেট নিৰ্মাতাৰ বাবে এক আকৰ্ষণীয় বিনিয়োগৰ বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিব পাৰে ।

ইতিমধ্যে কৰ্ণাটক, উত্তৰ প্ৰদেশ আৰু তামিলনাডুৰ দৰে ৰাজ্যই বিনিয়োগ আকৰ্ষণৰ প্ৰতিশ্ৰুতি দিছে । চৰকাৰৰ পৰিকল্পনা হৈছে আগন্তুক পাঁচ বছৰত এপলৰ বিশ্বব্যাপী উৎপাদনৰ এক পঞ্চমাংশ ভাৰতত কৰোৱাটো । কেন্দ্ৰীয় ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ সৈতে হোৱা এক বাৰ্তালাপত কয়, "আমি সকলো ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগত আছো যাতে ইলেক্ট্ৰনিকছ আৰু স্মাৰ্টফোন নিৰ্মাণৰ সুবিধাসমূহৰ বিষয়ে সজাগ কৰিব পাৰো ।"

দেশত উৎপাদনৰ সুবিধা স্থাপনৰ লগতে চৰকাৰে বিশ্বব্যাপী খেলুৱৈসকলকো আকৰ্ষণ কৰিবলৈ নীতিগত হস্তক্ষেপৰ কাম কৰি আছে । দেশত এই যন্ত্ৰটোৰ উৎপাদন বৃদ্ধিৰ বাবে ভাৰতত বিনিয়োগ কৰা নিৰ্মাতাসকলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে চৰকাৰে । এজন জ্যেষ্ঠ বিষয়াই কয় যে, "কেন্দ্ৰই ইতিমধ্যে সকলো ৰাজ্য চৰকাৰক সেই উৎপাদন নিশ্চিত কৰিবলৈ কয় ইয়াক বৃদ্ধিৰ বাবে যিমান শীঘ্ৰে পাৰি কাম আৰম্ভ কৰিব লাগে ।

আইফোন উৎপাদনৰ ৮৫ শতাংশ চীনত হয়

বজাৰ গৱেষণা সংস্থা কাউণ্টপইণ্ট ৰিচাৰ্চৰ তথ্য অনুসৰি চীনত ভিত্তি কৰি আইফোন নিৰ্মাতা ফক্সকনৰ উদ্যোগত আইফোন প্ৰ’ৰ ৮৫ শতাংশ মডেল উৎপাদন হয় ।

লগতে পঢ়ক:Apple plans to shift production: এপলে চীনৰ পৰা স্থানান্তৰ কৰিব বিচাৰিছে উৎপাদন কাৰ্য

ABOUT THE AUTHOR

...view details