নেশ্যনেল ডেস্ক,6 মে': আইআইটি কাণপুৰৰ ষ্টাৰ্ট আপ ইনকিউবেচন এণ্ড ইন'ভেচন চেণ্টাৰ (এছআইআইচি) এ 'মিচন ভাৰত 2' শীৰ্ষক এটা 45 দিনীয়া প্ৰত্যাহ্বান মুকলি কৰিছে ৷ মূলতঃ জৰুৰীকালীন অৱস্থাত মোকাবিলা কৰাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ উচ্চ মানদণ্ডৰ অক্সিজেন জেনেৰেশ্যন ইউনিটছ উৎপাদন কৰাৰ উদ্দেশ্যে আইআইটি কাণপুৰে এই মিচন মুকলি কৰিছে ৷ প্ৰফেচৰ অমিতাভ ভট্টাচাৰ্য, প্ৰফেচৰ ইন-চাৰ্জ, ইন'ভেশ্যন এণ্ড ইনকিউবেচন, আইআইটি কাণপুৰ; শ্ৰীকান্ত শাস্ত্ৰী, সভাপতি ,TiE Delhi-NCR আৰু ৰাহুল পেটেলে এই প্ৰত্যাহ্বানমূলক মিচনৰ নেতৃত্ব দিব ৷
বিগত বৰ্ষতো এচআইআইচি এ ইনকিউবেটেড কোম্পানীসমূহক Swasa N-95 মাস্ক আৰু Noccarc V310 ভেণ্টিলেটৰ আদিৰ দৰে থলুৱা সামগ্ৰী বিকাশৰ ক্ষেত্ৰত সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হৈছিল ৷ আইআইটি কাণপুৰৰ সঞ্চালক অধ্যাপক অভয় কাৰান্দিকাৰে উদ্যোগীসকলক এই প্ৰত্যাহ্বানৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাইছে ৷
তেওঁ কয় যে, "দেশৰ জৰুৰীকালীন অৱস্থাত আইআইটি কাণপুৰে সদায়েই সেৱা আগবঢ়াই অহাৰ নজিৰ আছে ৷ ক'ভিড-19 ৰ প্ৰথম ঢৌৱে ভাৰতত সংহাৰ আৰম্ভ কৰাৰ সময়তে এচআইআইচি ইনকিউবেটেড কোম্পানী সমূহ Swasa N-95 মাস্ক আৰু Noccarc V310 ভেণ্টিলেটৰ বিতৰণ কৰাৰ বাবে আগবাঢ়ি আহিছিল ৷ স্থানীয়ভাৱে উৎপাদিত দুয়োবিধ সামগ্ৰীয়েই আছিল ভাৰতে বিশ্ব মানদণ্ডৰ সমতুল্য সামগ্ৰী উদ্ভাৱন কৰিব পৰা সামৰ্থৰ প্ৰমাণ ৷ সেয়ে, ক'ভিড-19 ৰ দ্বিতীয়টো ঢৌৱে ভাৰতত পুনৰ সংহাৰ আৰম্ভ কৰাৰ পৰিপ্ৰেক্ষিতত আইআইটি কাণপুৰ আৰু এচআইআইচি এ দেশৰ অক্সিজেন সংকট সমাধান কৰাৰ উদ্দেশ্যে থলুৱা উৎপাদনকাৰীসকলক সমৰ্থন কৰাৰ সিদ্ধান্ত লৈছে ৷ সেয়ে মই সকলো যোগ্য উদ্যোগীক মিচন ভাৰত 2 ত অংশগ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছো" ৷