অসম

assam

ETV Bharat / science-and-technology

Google Birthday: ইন্টাৰনেট জগতত কেনেকৈ আধিপত্য বিস্তাৰ কৰিলে গুগলে ? 25 বছৰীয়া জন্ম দিনত জানক গুগলৰ জন্মৰ কাহিনী

আজি ২৫ বছৰত ভৰি দিলে চাৰ্চ ইঞ্জিন গুগলে । ১৯৯৮ চনত সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰা চাৰ্চ ইঞ্জিনটো আৰম্ভণি হৈছিল । বিগত ২৫ বছৰত তেওঁ হৈ পৰিছে ইণ্টাৰনেট জগতৰ ৰজা । আজি আমাৰ বাবে গুগল কেনেকৈ ইমান গুৰুত্বপূৰ্ণ হৈ পৰিল ? কেনেকৈ ইন্টাৰনেট জগতত এক ধুমুহাৰ সৃষ্টি কৰিলে গুগলে ? জানি লও আহক....

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 2:04 PM IST

Happy birthday Google: Today's Google Doodle marks its 25th Birthday
ইন্টাৰনেট জগতত কেনেকৈ আধিপত্য বিস্তাৰ কৰিলে গুগলে ? কেনেকৈ জন্ম হৈছিল গুগলৰ সকলো আজি জানি লওক

আপোনাৰ প্ৰিয় চাৰ্চ ইঞ্জিন গুগলে আজি ২৫ বছৰীয়া জয়ন্তী উদযাপন কৰিছে ৷ ইণ্টাৰনেট জগতৰ অন্যতম বৃহৎ নাম গুগল আজি সফলতাৰ শিখৰত আছে ৷ ই কেৱল চাৰ্চ ইঞ্জিনৰ বাবেই নহয় আন বহুতো সেৱাৰ বাবেও পৰিচিত ৷ এটি ভুল বানানেৰে আৰম্ভ হোৱা গুগল আজি বিশ্বৰ সৰ্ববৃহৎ চাৰ্চ ইঞ্জিন ৷ বিগত ২৫ বছৰত ই সমগ্ৰ বিশ্বক বহু দিশত নিজৰ লগত সংযোগ কৰি ৰাখিছে ৷ এই কাৰণেই গুগল আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে ৷

ইণ্টাৰনেটত কিবা বিচাৰিব বিচাৰিলে মানুহে মাত্ৰ কয়, ‘গুগল কৰি লওক’ ৷ সামগ্ৰিকভাৱে এই মঞ্চখন জ্ঞানৰ ভঁৰাল ৷ ইয়াত আপুনি সৰু শিশুৰ পৰা আৰম্ভ কৰি উচ্চ যোগ্যতাসম্পন্ন পেছাদাৰীলৈকে সকলোৰে বাবে প্ৰয়োজনীয় তথ্য পাব পাৰে ৷ গুগলে আপোনাৰ প্ৰায় সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰে যেনে কি, কিয়, কেতিয়া, ক’ত, কোন, কেনেকৈ ৷ গোটেই পৃথিৱীখনে গুগলৰ আঙুলিত নাচিছে বুলি ক’লেও চাগৈ ভুল নহ’ব ৷

গুগলৰ আৰম্ভণি

গুগল হৈছে দুজন আমেৰিকান কম্পিউটাৰ বিজ্ঞানী লেৰী পেজ আৰু চাৰ্জী ব্ৰিনৰ মগজুৰ সৃষ্টি ৷ দুয়োজনে ১৯৯৮ চনৰ ৪ ছেপ্টেম্বৰত গুগল আৰম্ভ কৰিছিল ৷ লেৰী পেজ আৰু চাৰ্জী ব্ৰিন সেই সময়ত কেলিফৰ্ণিয়াৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পি এইচ ডিৰ ছাত্ৰ আছিল ৷

আপুনি জানি আচৰিত হ’ব যে, গুগলৰ নাম Google নহয়, Backrub ৰখাৰ কথা আছিল কিন্তু সেয়া হ’ব নোৱাৰিলে ৷ বানান ভুলৰ বাবে ইয়াৰ নাম গুগল হৈ পৰিল ৷

কেনেদৰে চৰ্চিত হ’ল গুগল ?

এটা সময়ত মানুহে ইমেইলৰ বাবে য়াহু মেইল ​​আৰু ৰেডিফ মেইল ​​ব্যৱহাৰ কৰিছিল ৷ গুগলে জিমেইল মুকলি কৰি মানুহক এটা নতুন বিকল্প দিলে ৷ আজি ই বিশ্বৰ অন্যতম বৃহৎ মেইলিং সেৱা ৷ ইউটিউবক কেনেকৈ পাহৰিব পাৰি, বিশ্বৰ সৰ্ববৃহৎ ভিডিঅ’ ষ্ট্ৰীমিং প্লেটফৰ্মটোও গুগলৰ এটা অংশ ৷ একে সময়তে স্মাৰ্টফোনটো চলাবলৈ ব্যৱহাৰ কৰা এণ্ড্ৰইড অ’ এছো গুগলৰ ৷

আমেৰিকাৰ বিশাল টেক কোম্পানী আলফাবেট হৈছে গুগলৰ স্বত্বাধিকাৰী ৷ ভাৰতীয় মূলৰ সুন্দৰ পিচাই ইয়াৰ মুখ্য কাৰ্যবাহী বিষয়া ৷ ইফালে কৃত্ৰিম বুদ্ধিমত্তা খণ্ডতো কোম্পানীটোৱে দ্ৰুতগতিত আগবাঢ়িছে ৷ টেক ফাৰ্মে মুকলি কৰিছে গুগল বাৰ্ড এআই, যিটো কৃত্ৰিম বুদ্ধিমত্তা ভিত্তিক চেটবট সেৱা ৷

কেৱল ২৭ ছেপ্টেম্বৰ কিয় ?

আমি আপোনালোকক কোৱাৰ দৰে গুগল ১৯৯৮ চনৰ ৪ ছেপ্টেম্বৰত আৰম্ভ হৈছিল ৷ প্ৰথম সাত বছৰ ধৰি কোম্পানীটোৱে এই দিনটোতে বৰ্ষপূৰ্তি উদযাপন কৰিছিল ৷ পিছত কোম্পানীটোৱে চাৰ্চ ইঞ্জিনত ৰেকৰ্ড চাৰ্চ পেজ সংযোজনৰ স্মৃতিত ২৭ ছেপ্টেম্বৰত এই বৰ্ষপূৰ্তি উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ তেতিয়াৰ পৰাই গুগলে ২৭ ছেপ্টেম্বৰৰ দিনটোত আনুষ্ঠানিকভাৱে গুগলৰ বৰ্ষপূৰ্তি উদযাপন কৰে ৷

লগতে পঢ়ক:Chandrayaan-3 Mission: বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰ’ভাৰৰ পৰা পোৱা নাই কোনো সংকেত-ISRO

ABOUT THE AUTHOR

...view details