অসম

assam

ETV Bharat / science-and-technology

Gautam Adanis Super App: এটা প্লেটফৰ্মতে পাব মনে বিচৰা সকলো সুবিধা, গৌতম আদানীৰ নতুন Super App - এটা প্লেটফৰ্মতে পাব মনে বিচৰা সকলো সুবিধা

আগন্তুক দিনত গৌতম আদানীয়ে লৈ আহিব এটা ছুপাৰ এপ । ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি আদানীয়ে এই এপটো মুকলি কৰাৰ প্ৰস্তুতি চলাইছে । ইয়াক তেওঁলোকৰ ইন-হাউছ স্মাৰ্টআপে নিৰ্মাণ কৰিছে ।

Gautam Adani is now going to bring Super App many facilities will be available on one platform
এটা প্লেটফৰ্মতে পাব মনে বিচৰা সকলো সুবিধা, গৌতম আদানীৰ নতুন Super App

By

Published : Nov 29, 2022, 6:53 PM IST

আগন্তুক দিনত গৌতম আদানীয়ে লৈ আহিব এটা ছুপাৰ এপ(Super App of Gautam Adani) । ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি আদানীয়ে এই এপটো মুকলি কৰাৰ প্ৰস্তুতি চলাইছে । ইয়াক তেওঁলোকৰ ইন-হাউছ স্মাৰ্টআপে নিৰ্মাণ কৰিছে ।

শেহতীয়াকৈ ফাইনেন্সিয়েল টাইমছক দিয়া এক সাক্ষাৎকাৰত আদানীয়ে কয় যে, আগন্তুক তিনিৰ পৰা ছমাহৰ ভিতৰত এই পৰ্টেল আৰম্ভ হ’ব । অৱশ্যে আদানীয়ে ইয়াক আনিব পাৰিলেহেঁতেন মহামাৰীৰ সময়তো, যেতিয়া অনলাইন সেৱাৰ ডিমাণ্ড বৃদ্ধি পাবলৈ ধৰিছিল । তেতিয়া সমগ্ৰ বিশ্বতে টেক উদ্যোগটোৱে এক কঠিন সময়ৰ মাজেৰে পাৰ হৈ গৈছে । ইফালে ভাৰতীয় ই-কমাৰ্চ খণ্ডতো প্ৰতিযোগিতা কঠোৰ ।

বিমানবন্দৰৰ যাত্ৰীসকলে ডাউনলোড কৰিব লাগিব

প্ৰতিবেদনত কোৱা হৈছে যে, এই মোবাইল এপটোৱে(Gautam Adani app) আদানীৰ বিমানবন্দৰৰ যাত্ৰীসকলক গোটৰ অন্যান্য সেৱাৰ সৈতে সংযোগ কৰিব । ইয়াৰ উদ্দেশ্য হ’ব এপটোৰ ডাউনলোডৰ সংখ্যা বৃদ্ধি কৰা । আদানীয়ে দেশৰ ৭টা বিমানবন্দৰ চলায় । ইয়াৰ উপৰিও বৰ্তমান তেওঁলোকে মুম্বাইৰ বাবে নতুন টাৰ্মিনেল আৰু ৰাণৱেও নিৰ্মাণ কৰি আছে । মুঠতে দেশৰ ২০ শতাংশ বিমান যাতায়ত তেওঁলোকৰ জৰিয়তে কাম কৰে ।

আদানীয়ে বিনামূলীয়া ৰাইড সেৱা সেৱাৰ ওপৰতো কাম কৰি আছে । বিমানবন্দৰ থকা চহৰসমূহত বিনামূলীয়া টেক্সি সেৱাৰ কাম কৰি আছে । তেওঁৰ দুটা গ’ল আছে । এটা হ’ল মানুহে আপোনাৰ এপটো নিজৰ ফোনত ডাউনলোড কৰা আৰু আনটো হ’ল আন কামৰ বাবে আপোনাৰ এপলৈ গ্ৰাহকক লৈ অনা ।

চুপাৰ এপছৰ উৎপত্তি চীনৰ পৰাই হৈছিল

অনলাইন শ্বপিং, পেমেণ্ট, মনোৰঞ্জন, ছ’চিয়েল মিডিয়া আৰু ফাইনেন্সক একে ঠাইতে অনাটো চীনৰ মডেল । ইতিমধ্যে আলিবাবা গ্ৰুপ হোল্ডিং লিমিটেড, টেনচেণ্ট হোল্ডিংছ লিমিটেড আৰু মেইটুৱানে এনে কাম কৰিছে । বিশাল টেক কোম্পানীসমূহৰ ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰসাৰত চীনে বাধাৰ সৃষ্টি কৰিছে আৰু তেওঁলোকক লক্ষ্য কৰি লৈছে ।

উল্লেখ্য যে, গৌতম আদানীয়ে আগন্তুক দহ বছৰত ১০০ বিলিয়ন ডলাৰ বিনিয়োগ কৰাৰ পৰিকল্পনা ঘোষণা কৰিছে । ইয়াৰে ৭০ শতাংশ নবীকৰণযোগ্য শক্তিত দেখা যাব । মুঠ ১,২১১,৪৬০.১১ কোটি টকা সম্পত্তিৰে আদানী গোটৰ মুৰব্বীগৰাকীয়ে দেশৰ সৰ্ববৃহৎ মুন্দ্ৰা বন্দৰৰ স্বত্বাধিকাৰীও ।

লগতে পঢ়ক:Home Remedies: ঘৰুৱা পদ্ধতিয়ে মুখৰ দাগ দূৰ কৰেনে ?

ABOUT THE AUTHOR

...view details