অসম

assam

ETV Bharat / science-and-technology

Lenovo য়ে মুকলি কৰিব নতুন টেবলেট Yoga Tab ১৩

Lenovo য়ে মুকলি কৰিব কোম্পানীটোৰ নতুন টেবলেট Yoga Tab ১৩ । যিয়ে লেপটপৰ বাহ্যিক ডিচপ্লে হিচাপেও কাম কৰিব । ভিডিঅ' কলৰ বাবে ইয়াত এটা ৮ মেগাপিক্সেল ফ্ৰ'ন্ট কেমেৰাও অন্তৰ্ভুক্ত আছে ।

By

Published : Jun 29, 2021, 6:29 PM IST

Yoga Tab 13
Lenovo য়ে মুকলি কৰিব নতুন টেবলেট Yoga Tab ১৩

নিউজ ডেস্ক, ২৯ জুন :স্মাৰ্ট হাবৰ পৃথিৱীত লেন'ভোৰ (Lenovo) নতুন সংযোজন । Lenovo য়ে মুকলি কৰিব কোম্পানীটোৰ নতুন টেবলেট Yoga Tab ১৩ । যিয়ে লেপটপৰ বাহ্যিক ডিচপ্লে হিচাপেও কাম কৰিব । ইয়াত আছে এডাল ষ্টেইনলেচ ষ্টীলৰ কিকষ্টেণ্ড যাক ডিভাইচৰ পিছফালে ১৮০ ডিগ্ৰীত ঘূৰাব পৰা যাব ।

ব্যৱহাৰকাৰী সকলে ইয়াক বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰিব । ইয়াক থিয় কৰাই ব্যৱহাৰ কৰাৰ লগতে বেৰত ওলমাই ব্যৱহাৰ কৰিব পৰা যাব । ১৩ ইঞ্চিৰ এই টেবলেটৰ মূল্য হ'ব ৬৭৯ ডলাৰ । কেইবাটাও এণ্ড্ৰইড টেবলেটৰ সৈতে ইয়াক গ্ৰীষ্মকালৰ শেষৰফালে মুকলি কৰিব বুলি আশা কৰা হৈছে ।

লগতে লেন'ভোৱে Yoga Tab ১১ আৰু কম মূল্যৰ M৭ আৰু M৮ মুকলি কৰিব । Yoga Tab ১৩ টেব লেন'ভোৰ প্ৰিচিচন পেন 2 ৰ সৈতে কম্পিটেবল অৰ্থাৎ আপুনি ইয়াত টোকা ৰাখিবলৈ বা ছবি অঁকাৰ বাবেও ব্যৱহাৰ কৰিব । ইয়াত ভিডিঅ' কলৰ বাবে শব্দ হ্ৰাসৰ সুবিধাৰ সৈতে এটা ৮ মেগাপিক্সেল ফ্ৰ'ন্ট কেমেৰাও অন্তৰ্ভুক্ত আছে ।

কোম্পানীটোৱে দাবী কৰিছে যে ব্যৱহাৰকাৰীসকলে ১২ ঘণ্টালৈকে বেটাৰি চাৰ্জ নিদিয়াকৈ ইয়াক ব্যৱহাৰ কৰিব পাৰিব আৰু ইয়াৰ ১০৮০ পি স্ক্ৰীণে ৪০০ নিট ব্ৰাইটনেচৰ সুবিধা প্ৰদান কৰিব । সকলো বোৰ নতুন টেবলেটে গুগলৰ (Google) নতুন মনোৰঞ্জন স্থান সমৰ্থন কৰে, যি ব্যৱহাৰকাৰীসকলক এটা হাবত একাধিক পৃথক এপ্পৰ পৰা ভিডিঅ', কিতাপ আৰু গেম সংগ্ৰহৰ সুবিধা লাভ কৰিব পাৰে । মনোৰঞ্জন-কেন্দ্ৰিক এণ্ড্ৰইড ডিভাইচৰ ক্ষেত্ৰত কোম্পানীটোৰ এক ভাল ট্ৰেক ৰেকৰ্ড আছে ।

ই শেহতীয়াকৈ ভাৰতত ইয়াৰ প্ৰথম ভাঁজ কৰিব পৰা পিচি থিংকপেড এক্স ১ ফ'ল্ড (ThinkPad X1 Fold) মুকলি কৰিছে যাৰ প্ৰাৰম্ভিক মূল্য ৩,২৯,০০০ টকা ধৰা হৈছিল । শেহতীয়াকৈ মুকলি কৰা পিচিটোয়ে নতুন ৰিম'ট, অফিচ আৰু হাইব্ৰিড ৱৰ্কিং মডেলৰ সৈতে খাপ খাব পাৰে । যাৰ ফলত ট্ৰেলব্লেজাৰসকলে ground-breaking উদ্ভাৱন কৰিবলৈ সক্ষম হয় । যিয়ে সৃষ্টিশীলতা, সহযোগিতা আৰু মনোৰঞ্জনক শক্তিশালী কৰিব পাৰে ।

লগতে পঢ়ক :10 ছেপ্তেম্বৰত বজাৰলৈ আহিব ৰিলায়েন্স-গুগলৰ 4জি হেণ্ডছেট

ABOUT THE AUTHOR

...view details