গুৱাহাটী,28 নৱেম্বৰঃআই আই টি গুৱাহাটীৰ গৱেষকৰ এটা দলে বায়ুমণ্ডলৰ অস্থিৰতাৰ পৰা মুক্ত; ক্ষুদ্ৰ পোহৰ ব্যৱহাৰ কৰি সাজি উলিয়াইছে এটি ‘free-space optical communication system’ ৷ গৱেষকৰ দলটোৱে ধমুহাৰ মাজতো এই প্ৰযুক্তি ব্যৱহাৰ কৰি সফলভাৱে কেইবা কিলোমিটাৰ আঁতৰলৈকে মেছেজ আৰু ছবি প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে ৷
Nature Publishing Groupৰ Communications Physics নামৰ আলোচনীখনত প্ৰকাশিত এক প্ৰৱন্ধ অনুসৰি, এই প্ৰযুক্তিৰ ব্যৱহাৰেৰে কোনো অট্টালিকাৰ ভিতৰত নাইবা বাহিৰত থকা দুগৰাকী ব্যক্তিৰ মাজত উচ্চ ক্ষমতাসম্পন্ন আৰু নিৰ্ভৰযোগ্য যোগাযোগ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয় ৷
গৱেষক সকলে আৰু কয় যে, এই ব্যৱস্থা হেকিং আৰু ইন্টাৰলুপিঙৰ পৰাও মুক্ত, যাৰ ফলত ই অন্য তথাকথিত অনাতাঁৰ যোগাযোগ ব্যৱস্থা সমূহৰ তুলনাত অধিক সুৰক্ষিত ৷ গৱেষকৰ এই দলটোৰ নেতৃত্ব প্ৰদান কৰিছে আছে আই আই টি গুৱাহাটীৰ পদাৰ্থবিজ্ঞান বিভাগৰ বসন্ত ৰঞ্জন বৰুৱা আৰু অভয়াপুৰী মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক শান্তনু কোঁৱৰ ৷
free-space communicationৰ জৰিয়তে অপটিকেল ফাইবাৰৰ সলনি পোহৰৰ মাধ্যমেৰে ভইচ, টেক্সট আৰু ছবি প্ৰেৰণ কৰিব পৰা ক্ষমতাই যোগাযোগৰ উন্নত প্ৰযুক্তিক প্ৰতিনিধিত্ব কৰিব ৷ free-space communicationৰ ক্ষেত্ৰত বিগত বছৰসমূহত যথেষ্ট উন্নয়ন কৰিবলৈ সক্ষম হৈছে প্ৰযুক্তিবিদ্যাই ৷