নিউজ ডেস্ক,২৬ অক্টোবৰ :WhatsApp ব্যৱহাৰকাৰীসকলৰ বাবে সুখবৰ । এতিয়াৰে পৰা Zoom বা Google Meetৰ দৰে বিশেষ সুবিধা থাকিব WhatsAppত । Zoom বা Google Meetৰ দৰেই একে সময়তে অধিক লোকে গ্ৰুপ ভিডিঅ' কলত যোগদান কৰিব পাৰিব (Group video call features inWhatsApp)। শেহতীয়াকৈ WhatsAppত এই নতুন সুবিধা দিয়া হৈছে ।
WhatsAppত ক্ৰিয়েট কল লিংক (Create Call link) নামৰ এটা সুবিধা দিয়া হৈছে (Create Call link features in WhatsApp)। এই সুবিধা ইতিমধ্যে বহুতো ব্যৱহাৰকাৰীয়ে লাভ কৰিছে । WhatsApp কৰ্তৃপক্ষই এই নতুন সুবিধা সন্দৰ্ভত কয় যে আন এপ্পৰ তুলনাত গ্ৰুপ কলিঙৰ সুবিধাটো ব্যৱহাৰকাৰীসকলৰ বাবে অধিক সুলভ কৰি তুলিবলৈ এই সুবিধাটো প্ৰৱৰ্তন কৰা হৈছে । এই সুবিধাটো কেনেদৰে ল'ব পাৰিব....
- প্ৰথমে WhatsApp অ'পেন কৰক আৰু Create call link সুবিধা পাবলৈ calls icon ত ক্লিক কৰক ।
- ক্লিক কৰাৰ পাছত, Call Type লৈ গৈ অডিঅ'/ভিডিঅ' ক্লিক কৰক । WhatsAppৰ জৰিয়তে লিংক প্ৰেৰণ কৰক, লিংক কপি কৰক বা শ্বেয়াৰ লিংকৰ বিকল্পবোৰ ওলাব ।
- ব্যৱহাৰকাৰীয়ে বাছনি কৰা Call প্ৰকাৰৰ ওপৰত ভিত্তি কৰি লিংকটো সৃষ্টি কৰা হয় । ব্যৱহাৰকাৰীয়ে লিংকটো WhatsAppৰ জৰিয়তে আনলৈ প্ৰেৰণ কৰিব পাৰে, Copy কৰিব পাৰে বা শ্বেয়াৰ কৰিব পাৰে ।
- যদি আন ব্যৱহাৰকাৰীসকলে লিংকটোত ক্লিক কৰে, তেওঁলোকে দুটা বিকল্প দেখিব, Join কৰক আৰু এৰি দিয়ক । আপুনি Join ক্লিক কৰি গ্ৰুপ কলত অংশগ্ৰহণ কৰিব পাৰে । প্ৰযুক্তি বিশেষজ্ঞসকলে উল্লেখ কৰা মতে এবাৰ ব্যৱহাৰকাৰীয়ে সৃষ্টি কৰা লিংকটো ৯০ দিনৰ বাবে ব্যৱহাৰ কৰিব পাৰে । অৱশ্যে এই সন্দৰ্ভত WhatsAppৰ পৰা কোনো আনুষ্ঠানিক তথ্য পোৱা হোৱা নাই ।
- এই লিংকৰ জৰিয়তে কিমান জন লোকে একেলগে এটা গ্ৰুপ কলত অংশগ্ৰহণ কৰিব পাৰে সেয়াও স্পষ্ট হোৱা নাই । বৰ্তমানৰ আপডেট অনুসৰি, ৩২ জন লোকে এটা সময়ত WhatsAppত অংশগ্ৰহণ কৰিব পাৰে । খবৰ অনুসৰি এই সংখ্যা সোনকালেই বৃদ্ধি কৰা হ'ব ।
- শেহতীয়াকৈ WhatsAppয়ে গ্ৰুপৰ সদস্যৰ সংখ্যা ৫১২ ৰ পৰা ১০২৪ লৈ বৃদ্ধি কৰিবলৈ পৰীক্ষা আৰম্ভ কৰিছে । এই সুবিধাটো গ্ৰুপ কলিঙৰ বাবেও প্ৰৱৰ্তন কৰা হ'ব পাৰে ।