নেশ্যনেল ডেস্ক, 15 আগষ্ট: চৰকাৰে নতুন মহাকাশ নীতি উন্মোচনৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়তে মহাকাশ খণ্ডত ষ্টাৰ্টআপৰ সফলতাৰ বাবে বৌদ্ধিক সম্পত্তিৰ অধিকাৰৰ ওপৰত স্পষ্টতা অতি গুৰুত্বপূৰ্ণ বুলি ক'লে এগৰাকী উদ্যোগী নেতাই(Clarity on IPR key for success of space startups) ।
উদীয়মান খণ্ডত ব্যৱসায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ আশা কৰা এই মহাকাশ(Indian Space Research Organization) নীতি আলোচনাৰ চূড়ান্ত পৰ্যায়ত আছে আৰু ইয়াৰ জৰিয়তে ব্যক্তিগত খণ্ডই প্ৰযুক্তি হস্তান্তৰ, দূৰৱৰ্তী সংবেদন আৰু উপগ্ৰহ যোগাযোগত অৰিহণা যোগাব পৰাকৈ এক ৰোডমেপ প্ৰদান কৰিব বুলিও আশা প্ৰকাশ কৰা হৈছে(Government prepares to unveil a new space policy) ।
শেহতীয়াকৈ ইয়াত ইণ্ডিয়ান স্পেচ এছ'চিয়েশ্যন (আই এছ পি এ) আৰু কলাৰী কেপিটেলৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত আই এছ পি এৰ অধ্যক্ষ জয়ন্ত পাটিলে কয় যে, মহাকাশ বিধেয়কখন সংসদে অনুমোদন কৰাৰ পিছত এই নীতি কাৰ্যকৰী কৰাৰ বাবে আইনী সমৰ্থন লাভ কৰিব ।
পাটিলে লগতে কয় যে, প্ৰায় দুবছৰ পূৰ্বে চৰকাৰে ব্যক্তিগত অংশগ্ৰহণৰ বাবে মুকলি কৰা মহাকাশ খণ্ডৰ ষ্টাৰ্টআপ সম্প্ৰদায়ক আমনি কৰা আটাইতকৈ ডাঙৰ বিষয়টোৱেই হৈছে বৌদ্ধিক সম্পত্তিৰ অধিকাৰৰ বিষয়টো । আই এছ পি এৰ চৰকাৰৰ সৈতে হোৱা আলোচনাৰ বিষয়ে ষ্টাৰ্টআপ কমিউনিটিৰ প্ৰতিনিধিসকলক অৱগত কৰি তপাটিলে কয় যে, "আপুনি বৌদ্ধিক সম্পত্তি (আই পি)ৰ মালিক হ'বনে বা আই পি চৰকাৰৰ লগত থাকিব ?"
ষ্টাৰ্টআপ খণ্ডটোৰ উদ্বেগক চৰকাৰে স্বীকৃতি দিয়া বুলি উল্লেখ কৰি তেওঁ কয় যে, চৰকাৰ হিচাপে আপুনি সম্পূৰ্ণ আই পিৰ মালিক হ'ব নোৱাৰে, যদিহে আই পি চৰকাৰৰ মালিকানাধীন হয় তেন্তে ই ষ্টাৰ্টআপৰ কোনো কামত নাহে ।