অসম

assam

ETV Bharat / science-and-technology

Black hole এ দিব বিশ্বব্ৰহ্মাণ্ডৰ প্ৰসাৰণৰ তথ্য - বিশ্বব্ৰহ্মাণ্ডখন কেনেকৈ সৃষ্টি হ’ল

বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে জানিবলৈ জ্যোতিৰ্বিজ্ঞানীসকলে উদ্ভাৱন কৰিলে এক অনন্য পদ্ধতি(Black hole collisions) । কিন্তু কেনেকৈ সবিশেষ পঢ়ক

black-hole-collisions-can-help-in-understanding-the-rate-of-expansion-of-the-universe
Black holeএ দিব বিশ্বব্ৰহ্মাণ্ডৰ প্ৰসাৰণৰ তথ্য

By

Published : Aug 19, 2022, 10:29 PM IST

নেশ্যনেল ডেস্ক, 19 আগষ্ট: বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে জানিবলৈ জ্যোতিৰ্বিজ্ঞানীসকলে উদ্ভাৱন কৰিলে এক অনন্য পদ্ধতি । দুটা সংঘৰ্ষ কৃষ্ণগহ্বৰৰ জৰিয়তে তেওঁলোকে বিশ্বব্ৰহ্মাণ্ডখন(Rate of expansion of the Universe) কেনেকৈ দ্ৰুতগতিত বিস্তাৰিত হৈছে, বিশ্বব্ৰহ্মাণ্ডৰ বিৱৰ্তন কেনেকৈ হ’ল আৰু বিশ্বব্ৰহ্মাণ্ডখন কেনেকৈ সৃষ্টি হ’ল আৰু পুনৰ ক’লৈ যাব সেই বিষয়ে অনুসন্ধান কৰাৰ উপায় উদ্ভাৱন কৰিছে । এক নতুন অধ্যয়নত চিকাগো বিশ্ববিদ্যালয়ৰ দুজন জ্যোতিৰ্বিজ্ঞানীয়ে এই নতুন আৱিস্কাৰ কৰা দেখা গৈছে ।

বিশেষকৈ বিজ্ঞানীসকলে ভাবে যে, তেওঁলোকে “spectral siren” বুলি কোৱা এই নতুন কৌশলটোৱে হয়তো বিশ্বব্ৰহ্মাণ্ডৰ আন "teenage"সকলৰ বিষয়ে ক'ব পাৰিব । এই গৱেষণাৰ ফলাফল প্ৰকাশ পাইছে "Physical Review Letters" নামৰ আলোচনীখনত ।

বিশ্বব্ৰহ্মাণ্ডখন কিমান দ্ৰুতগতিত বিস্তাৰিত হৈছে সেয়া আজিৰ বিজ্ঞানীসকলৰ বাবে এক ডাঙৰ প্ৰশ্ন । এতিয়ালৈকে উপলব্ধ বিভিন্ন পদ্ধতিয়ে কিছু বেলেগ উত্তৰ দিলেও বিজ্ঞানীসকলে এই হাৰ জুখিব পৰা বিকল্প উপায় বিচাৰি উৎকণ্ঠিত হৈ পৰিছে । নতুন অধ্যয়নটোৱে ইয়াক গণনা কৰাৰ উপায় প্ৰদান কৰিব, বিশেষ ডিটেক্টৰ ব্যৱহাৰ কৰি সংঘৰ্ষ হোৱা কৃষ্ণগহ্বৰৰ মহাজাগতিক প্ৰতিধ্বনি ট্ৰিগাৰ কৰিব ।

লগতে পঢ়ক :মহাকাশ ষ্টাৰ্টআপৰ সফলতাৰ বাবে আইপিআৰৰ স্পষ্টতাৰ প্ৰয়োজন

ABOUT THE AUTHOR

...view details