অসম

assam

ETV Bharat / science-and-technology

Amazon special deal: ব্যৱহাৰৰ পিছতো অপছন্দ হ'লে ঘূৰাই দিব পাৰিব এই স্পীকাৰ, অফাৰ আগবঢ়াইছে আমাজনে - এলেক্সা

বিশেষ অফাৰ হিচাপে এমাজনে গ্ৰাহকক সম্পূৰ্ণ ১০ দিনৰ বাবে এমাজন ইকো ডট স্মাৰ্ট স্পীকাৰ ট্ৰাই কৰাৰ বিকল্প দিছে । যদি এই ১০ দিনত স্মাৰ্ট স্পীকাৰৰ সৈতে তেওঁলোকৰ অভিজ্ঞতা ভাল নহয়, তেন্তে কোম্পানীয়ে টকা ঘূৰাই দিব আৰু কোনো প্ৰশ্ন নোহোৱাকৈ প্ৰডাক্টটো ঘূৰাই লোৱা হ’ব । নতুন অফাৰটোৱে দেখুৱাইছে যে আমাজনে নিজৰ স্মাৰ্ট স্পীকাৰ ৰেঞ্জত আত্মবিশ্বাসী যে ইয়াক গ্ৰাহকে পচন্দ কৰাটো নিশ্চিত ।

Amazon special deal try this smart speaker for 10 days if you do not like it you will get full refund
ব্যৱহাৰৰ পিছতো অপছন্দ হ'লে ঘূৰাই দিব পাৰিব এই স্পীকাৰ, অফাৰ আগবঢ়াইছে আমাজনে

By

Published : Nov 4, 2022, 1:56 PM IST

নিউড ডেস্ক, 11 নৱেম্বৰ: জনপ্ৰিয় শ্বপিং প্লেটফৰ্ম আমাজনে গ্ৰাহকক ফায়াৰটিভি ষ্টিক আৰু কিণ্ডল ই-বুক ৰিডাৰৰ পৰা আৰম্ভ কৰি এমাজন ইকো স্মাৰ্ট স্পীকাৰৰ দৰে কেইবাটাও স্মাৰ্ট প্ৰডাক্ট আগবঢ়াইছে । যদি আপুনি নতুন স্পীকাৰ ক্ৰয় কৰিব বিচাৰে কিন্তু এলেক্সা সমৰ্থনৰ সৈতে স্মাৰ্ট স্পীকাৰৰ বিষয়ে আপোনাৰ সিদ্ধান্ত ল’ব পৰা নাই, তেন্তে কোম্পানীয়ে ইয়াক ব্যৱহাৰৰ বাবে আপোনাক সুবিধা প্ৰদান কৰিব ।

বিশেষ অফাৰ হিচাপে এমাজনে গ্ৰাহকক সম্পূৰ্ণ ১০ দিনৰ বাবে এমাজন ইকো ডট স্মাৰ্ট স্পীকাৰ ট্ৰাই কৰাৰ বিকল্প দিছে(Amazon special offer) । যদি এই ১০ দিনত স্মাৰ্ট স্পীকাৰৰ সৈতে তেওঁলোকৰ অভিজ্ঞতা ভাল নহয়, তেন্তে কোম্পানীয়ে টকা ঘূৰাই দিব আৰু কোনো প্ৰশ্ন নোহোৱাকৈ প্ৰডাক্টটো ঘূৰাই লোৱা হ’ব । নতুন অফাৰটোৱে দেখুৱাইছে যে আমাজনে নিজৰ স্মাৰ্ট স্পীকাৰ ৰেঞ্জত আত্মবিশ্বাসী যে ইয়াক গ্ৰাহকে পচন্দ কৰাটো নিশ্চিত ।

এই মূল্যত দিয়া হৈছে Amazon Echo Dot

আমাজনত তালিকাভুক্ত হৈছে কেইবাখনো ইকো ডট মডেল, যাৰ মূল্য ৩৪৯৯ টকাৰ পৰা আৰম্ভ হৈছে । ইকো ডট (3rd Gen) ৪৪৯৯ টকাৰ পৰিৱৰ্তে ৩৪৯৯ টকাত ২২ শতাংশ ৰেহাইৰ সৈতে ক্ৰয় কৰিব পাৰিব । ইয়াৰ উপৰিও ইকো ডট (4th Gen) ১১ শতাংশ ৰেহাইৰ পিছত ৪৪৯৯ টকাৰ পৰিৱৰ্তে ৩,৯৯৯ টকাত ক্ৰয় কৰিব পাৰিব । এইবোৰৰ ওপৰত HSBC কেছবেক ক্ৰেডিট কাৰ্ডৰ জৰিয়তে অতিৰিক্ত ৫% ৰেহাই দিয়া হৈছে ।

নতুন অফাৰৰ সুবিধা কেনেকৈ পাব ?

স্পষ্টভাৱে স্মাৰ্ট স্পীকাৰক ট্ৰাই কৰিবলৈ হ’লে প্ৰথমে আপুনি ইয়াক ক্ৰয় কৰিব লাগিব । ইয়াৰ পিছত ১০ দিনৰ ব্যৱহাৰৰ সময়ছোৱাত আপুনি আপোনাৰ অভিজ্ঞতা অনুসৰি সিদ্ধান্ত ল’ব পাৰে । ইচ্ছা কৰিলে এই স্মাৰ্ট স্পীকাৰটো ব্যৱহাৰ কৰি থাকিব আৰু ঘূৰাই নিদিব । যদি অভিজ্ঞতা ভাল নহয় তেন্তে ইয়াক ঘূৰাই দিব পাৰিব । আপুনি যি ধন দিলে সেয়া আপোনাক ঘূৰাই দিয়া হ’ব ।

স্পীকাৰ এলেক্সা সমৰ্থনৰ সৈতে আহে

আমাজনৰ স্মাৰ্ট স্পীকাৰত ভইচ এচিষ্টেণ্ট এলেক্সা সমৰ্থন আছে । যদি আপোনাৰ ঘৰত স্মাৰ্ট ডিভাইচ আছে, তেন্তে এলেক্সাৰ(Amazon Alexa) সহায়ত, কেৱল ভইচ কমাণ্ড দি নিয়ন্ত্ৰণ কৰিব পাৰি । ইয়াৰ উপৰিও, আপুনি Alexa-ক সংগীত বজাবলৈ ক'ব পাৰে, এলাৰ্ম বা সোঁৱৰাই দিয়া ছেট কৰিব পাৰে, আৰু আপোনাৰ শ্বপিং কাৰ্টত বস্তু যোগ কৰিব পাৰে ।

লগতে পঢ়ক:এইটো ছ’চিয়েল নেটৱৰ্কিং চাইটে প্ৰকাশ কৰে নগ্নতা, কিন্তু !

ABOUT THE AUTHOR

...view details