নেশ্যনেল ডেস্ক, 26 আগষ্ট: আগন্তুক ১২ অক্টোবৰৰ ভিতৰত দেশত আৰম্ভ হ'ব পাৰে 5G সেৱা ৷ বৃহস্পতিবাৰে এই কথা ঘোষণা কৰিলে কেন্দ্ৰীয় চৰকাৰে ৷ এই ক্ষেত্ৰত কেন্দ্ৰই নিশ্চিত কৰিব যে গ্ৰাহকৰ বাবে সুলভ মূল্যত আগবঢ়োৱা হ'ব এই সেৱা(Affordable 5G services to be rolled out in India) । কেন্দ্ৰীয় আই টি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে (Union IT minister Ashwini Vaishnaw) কয় যে, 5G কানেকশ্যনৰ ইনষ্টলেচন কৰা হৈছে আৰু ৫জি সেৱাৰ নিৰৱচ্ছিন্ন ৰোলআউটত টেলিকম অপাৰেচন ব্যস্ত হৈ আছে ।
৫জি প্লেনসমূহ যাতে জনসাধাৰণৰ বাবে সুলভ হৈ থাকে, তাৰ প্ৰতি চৰকাৰে লক্ষ্য ৰাখিব বুলিও মন্ত্ৰীগৰাকীয়ে কয় । চৰকাৰে "The Indian Telegraph Right of Way (Amendment) Rules, 2022" প্ৰৱৰ্তনৰ লগতে 5G ৰাইট অৱ ৱৰ্ক (ROW) আবেদন পত্ৰও গতিশক্তি সঞ্চাৰ পৰ্টেলত মুকলি কৰে(Gati Shakti Sanchar Portal) ।
ইণ্ডিয়ান টেলিগ্ৰাফ ৰাইট অৱ ৱে (সংশোধনী) নিয়ম, ২০২২য়ে উদ্যোগটোক ডিজিটেল আন্তঃগাঁথনিৰ দ্ৰুত প্ৰসাৰত সহায় কৰিব । 5G নেটৱৰ্কৰ সহজ আৰু মসৃণভাৱে স্থাপনৰ বাবে সৰু কোষ, বৈদ্যুতিক খুঁটা, ৰাস্তাৰ আচবাবৰ সুবিধা আদিৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে ।