অসম

assam

ETV Bharat / science-and-technology

শীঘ্ৰেই দেশত মুকলি হোৱাৰ দিশে 5G সেৱা

5G স্পেকট্ৰামৰ নিলামৰ পিছৰে পৰা দেশৰ সকলো জনসাধাৰণে ইয়াৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে । কিন্তু এতিয়া দেখা গৈছে যে ইয়াৰ অপেক্ষা হয়তো অন্ত পৰিব ।

5g tecnology may roll out in india on 1 october by pm narendra modi
শীঘ্ৰেই দেশত মুকলি হোৱাৰ দিশে 5G সেৱা

By

Published : Sep 20, 2022, 6:30 PM IST

নিউজ ডেস্ক, 20 ছেপ্টেম্বৰ: 5G স্পেকট্ৰামৰ নিলামৰ পিছৰে পৰা দেশৰ সকলো জনসাধাৰণে ইয়াৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে । কিন্তু এতিয়া দেখা গৈছে যে ইয়াৰ অপেক্ষা হয়তো অন্ত পৰিব । প্ৰধানমন্ত্ৰী মোদীয়ে ১ অক্টোবৰত আৰম্ভ কৰিব পাৰে 5G সেৱা । অক্টোবৰ মাহতে বহু চহৰত আৰম্ভ হ’ব 5G সেৱা । এক প্ৰতিবেদন অনুসৰি, ইয়াৰ বাবে প্ৰধানমন্ত্ৰীয়ে(PM Modi) তেওঁৰ সেউজ সংকেত দিছে আৰু সেইদিনাৰ পৰা আৰম্ভ হ’ব পাৰে 5G সেৱা(5g tecnology may roll out in india ) ।

ইয়াৰ উপৰিও সেৱা আৰম্ভ হোৱাৰ লগে লগে অক্টোবৰৰ পৰা বহু চহৰত গ্ৰাহকৰ বাবেও 5G সেৱা উপলব্ধ কৰা হ’ব । ইয়াৰ মুকলি কাৰ্যসূচীত টেলিকম উদ্যোগৰ সকলো স্বত্বাধিকাৰী তথা বিষয়ববীয়া উপস্থিত থাকিব বুলি আশা কৰা হৈছে ।

এই অনুষ্ঠানত মুকেশ আম্বানী(Mukesh Ambani), সুনীল মিট্টাল, কুমাৰ মঙলম বিৰলাৰ দৰে উদ্যোগ ক্ষেত্ৰৰ প্ৰখ্যাত ব্যক্তি উপস্থিত থাকিব । সেই সময়ত প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত টেলিকম কোম্পানীসমূহে 5G সেৱাৰ ডেমো দিব । এই সময়ছোৱাত কোম্পানীসমূহে 5G মুকলি কৰাৰ আনুষ্ঠানিক ঘোষণা কৰিব পাৰে ।

তদুপৰি অসীম মনচন্দায়ে কয় যে টেলিকম কোম্পানীসমূহৰ পৰিকল্পনাৰ কথা কৈ আৰ-জিঅ’ই দীপাৱলীৰ ভিতৰত মেট্ৰ’ চহৰসমূহত 5G মুকলি কৰাৰ কথা ঘোষণা কৰিছে । ৰিলায়েন্সৰ এজিএমত এই সন্দৰ্ভত ঘোষণা কৰিছিল ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে ।

একে সময়তে ভাৰতী এয়াৰটেলেও 5G সেৱা আৰম্ভ কৰাৰ সম্পূৰ্ণ প্ৰস্তুতি চলাইছে । 5G সেৱা আৰম্ভ কৰিবলৈ সাজু হৈছে এয়াৰটেল । অনুমান কৰা হৈছে যে ভাৰতী এয়াৰটেলৰ সেৱা অক্টোবৰৰ পৰা বাৰাণসী, দিল্লী আৰু বাংগালোৰত উপলব্ধ হ'ব ।

অসীম মনচন্দাই কয় যে যদি আমি টেলিকম খণ্ডৰ আন এটা কোম্পানী ভোডাফোন আইডিয়াৰ কথা কওঁ, তেন্তে ইও ৫জি সেৱাৰ বাবে প্ৰস্তুতি চলাই আছে । ইয়াৰ দ্বাৰা কিছু নিৰ্বাচিত স্থানত 5G সেৱা মুকলি কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:ইনষ্টাগ্ৰামৰ বাবেই ছাত্ৰই লাভ কৰিলে ৩৮ লাখ টকা !

ABOUT THE AUTHOR

...view details