নিউজ ডেস্ক, ১ নৱেম্বৰ: যেতিয়া এক দম্পতীয়ে এটা সন্তান প্ৰাপ্তিৰ পাচত পুনৰ আন এটি সন্তান জন্ম দিয়াৰ বাবে চেষ্টা কৰে আৰু প্ৰায় এবছৰ চেষ্টা কৰাৰ পিছতো গৰ্ভধাৰণ নহয়, তেতিয়া গৌণ বন্ধ্যাত্বৰ সমস্যা উদ্ভৱ হয় । এই ৰোগ নিৰ্ণয় কৰাটো বিভ্ৰান্তিকৰ হোৱাৰ সম্ভাৱনা থাকে । এই ক্ষেত্ৰত বহু প্ৰশ্ন উত্থপন হ'ব পাৰে । যেনে, প্ৰথমবাৰ গৰ্ভধাৰণত কোনো অসুবিধা হোৱা নাছিল, কিন্তু এতিয়া কিয় গৰ্ভধাৰণ হোৱা নাই ?
বহু ক্ষেত্ৰত, গৌণ বন্ধ্যাত্বৰ সমস্যা থকা পুৰুষৰ প্ৰায় এক-তৃতীয়াংশৰ ক্ষেত্ৰত এনে সমস্যা বেছি উদ্ভৱ হোৱা পৰিলক্ষিত হয় । চণ্ডীগড়ৰ ক্লাউডনাইন গ্ৰুপ অৱ হাস্পতালৰ জ্যেষ্ঠ ফাৰ্টিলিটী কন্সালটেণ্ট কাঞ্চী খোৰানাই এই বিষয়ত কয় যে, বয়স বাঢ়ি অহাৰ লগে লগে এজন পুৰুষে গৌণ বন্ধ্যাত্বৰ সমস্যাত ভোগে । সাধাৰণতে যেতিয়া স্বামী-স্ত্ৰীয়ে দ্বিতীয় সন্তানৰ বাবে চেষ্টা কৰে আৰু গৰ্ভধাৰণ কৰিবলৈ সক্ষম নহয় তেতিয়া এই সমস্যা পোহৰলৈ আহে ।
কিন্তু সকলো পুৰুষে গৌণ বন্ধ্যাত্বৰ সমস্যাৰ সন্মুখীন নহয় । স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ, ব্যায়াম নিয়ামীয়াকৈ কৰিলে আৰু সুৰা আৰু ধপাতৰ দৰে ক্ষতিকাৰক দ্ৰৱ্য ব্যৱহাৰৰ পৰা বিৰত থাকিলে পুৰুষৰ শুক্ৰাণুৰ মান উন্নত হৈ থাকে । কিন্তু আশ্চৰ্যজনকভাৱে এই সকলোবোৰ পৰামৰ্শ মানি স্বাস্থ্যকৰ জীৱনশৈলীক আকোঁৱালি লোৱা পুৰুষো গৌণ বন্ধ্যাত্বৰ সমস্যাত ভোগা দেখা যায় ।
পুৰুষৰ গৌণ বন্ধ্যাত্বৰ কাৰণঃ
ভেৰিক'চেলে :গৌণ বন্ধ্যাত্বৰ সমস্যাত ভোগা ৫ জন পুৰুষৰ ভিতৰত ১ জনৰ ক্ষেত্ৰত এই সমস্যাৰ সৃষ্টি হয় । ভেৰিক'চেলে হৈছে অণ্ডকোষত শিৰা বৃদ্ধি হোৱা অথবা অণ্ডকোষক আৱৰি থকা ছালৰ এটা মোনা । পুৰুষৰ শুক্ৰাণু উৎপাদন হ্ৰাস হোৱা কাৰকবোৰৰ ভিতৰত এইটো এটা অন্যতম কাৰণ । বন্ধ্যাত্বৰ সমস্যাত ভোগা প্ৰায় ৩০ শতাংশ পুৰুষৰ ভেৰিক'চেলে থাকিব পাৰে । গৰম পৰিৱেশ শুক্ৰাণুৰ বাবে মাৰাত্মক হ'ব পাৰে । এনে পৰিৱেশত শুক্ৰাণু হ্ৰাস হয় আৰু লগতে মৃত্যুও হয় ।
টেষ্ট'ষ্টেৰনৰ স্তৰ হ্ৰাস :টেষ্ট'ষ্টেৰন বা পুৰুষৰ যৌন হৰমনক সাধাৰণতে শুক্ৰাণু উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি জনা যায় । বয়স বৃদ্ধি, যৌনাংগ অথবা প্ৰস্ৰাৱৰ অংগত পোৱা আঘাত, জেনিটউৰিনেৰী সংক্ৰমণ, থাইৰয়ড ৰোগ, ডিএম, টিবি, মাম্পচ, স্মলপক্স, চাপ বা অস্ত্ৰোপচাৰৰ ফলত টেষ্ট'ষ্টেৰনৰ স্তৰ হ্ৰাস হোৱাৰ সম্ভাৱনা থাকে ।
অস্বাস্থ্যকৰ অভ্যাস : ধপাত, ড্ৰাগছ আৰু সুৰাপানে শুক্ৰাণুৰ জীৱন কঠিন কৰি তোলাৰ সম্ভাৱনা থাকে । পূৰ্বতে স্বাস্থ্যকৰভাৱে এজন পুৰুষৰ পত্নীয়ে গৰ্ভধাৰণ কৰাটো বেলেগ কথা । কিন্তু পুৰুষজনৰ শৰীৰত বিষাক্ত পদাৰ্থ জমা হ'লে শেষত গৌণ বন্ধ্যাত্বৰ সমস্যাত ভূগিব লাগিব ।