নিউজ ডেস্ক, 16 অক্টোবৰ : আজি 16 অক্টোবৰ অৰ্থাৎ বিশ্ব খাদ্য দিৱস ৷ প্ৰতিবছৰে 16 অক্টোবৰৰ দিনটো বিশ্ব খাদ্য দিৱস হিচাপে পালন কৰা হয় ৷ সমগ্ৰ বিশ্বতখাদ্যই সৃষ্টি কৰা সংকট, পুষ্টিহীনতা তথা বিভিন্ন ৰোগৰ প্ৰতি জনসাধাৰণক সজাগ কৰাৰ উদ্দশ্যে বিশ্বজুৰি খাদ্য দিৱস পালন কৰা হয় ৷ এক কথাত ভাল খাদ্য আৰু পুষ্টিৰ গুৰুত্বৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ বাবে বিশ্ব খাদ্য দিৱস পালন কৰা হয় ৷
বিশ্ব খাদ্য দিৱসৰ ইতিহাস যদি বিশ্লেষণ কৰি চাওঁ তেতিয়াহলে গম পোৱা যায় যে, 1979 চনৰ নৱেম্বৰত ইটালিৰ ৰোমত খাদ্য আৰু কৃষি সংস্থাৰ বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকতে বিশ্বৰ খাদ্যৰ সংকটৰ প্ৰতি লক্ষ্য ৰাখি খাদ্য দিৱস পালন কৰাৰ পোষকতা কৰিছিল বিভিন্ন সংস্থা তথা বিশ্বৰ অধিকাংক্ষ দেশে ৷ সেই প্ৰস্তাৱ মৰ্মে 1981 চনৰ 16 অক্টোবৰৰ দিনটো বিশ্ব খাদ্য দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ আনহাতে, 1979 চনত হোৱা বৈঠকৰ পিচতে 1980 চনৰ 5 ডিচেম্বৰৰ দিনা অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশনতো এই সিদ্ধান্তৰ প্ৰতি সন্মতি জনোৱা হয় আৰু বিশ্বৰ প্ৰতিখন দেশৰে চৰকাৰ, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় আৰু স্থানীয় সংগঠন সমূহে বিশ্ব খাদ্য দিৱস পালন কৰিবলৈ আহ্বান জনোৱা হয় আৰু সেই আহ্বান মৰ্মে 1981 চনৰ পৰা বিশ্ব খাদ্য দিৱস প্ৰতি বছৰে পালন কৰি অহা হৈছে ।
লগতে পঢ়ক :ইছলাম ধৰ্ম এৰি সপৰিয়ালে হিন্দু ধৰ্ম গ্ৰহণ কৰিলে ফিৰোজ আলীয়ে
বিশ্ব খাদ্য দিৱসৰ আনুষ্ঠানিক প্ৰতীক চিহ্ন আছে ৷ এই প্ৰতীক চিহ্নটোত তিনিটা কাল্পনিক মানৱ শৰীৰৰ ছবি অংকণ কৰা হৈছে ৷ য'ত এজনে শস্য চপাই থকা, আনজনে শস্য বিতৰণ কৰাৰ দৃশ্য আৰু আনজনে খাদ্য খাই থকাৰ সুন্দৰ বাৰ্তা বহন কৰা হৈছে ৷ এই মানৱ চিত্ৰকেইটা নীলা, মাটীয়া বৰণৰ আৰু খাদ্য সামগ্ৰী সমূহ কমলা ৰঙৰে অংকিত কৰা হৈছে । সামগ্ৰিকভাৱে এই ছবি খনে শস্য, প্ৰতিপালন, শস্য চপোৱা আৰু খাদ্য বিতৰণৰ প্ৰয়োজনীয়তাৰ বাৰ্তা বহন কৰে ৷