অসম

assam

ETV Bharat / lifestyle

শাৰীৰিক ব্যায়াম মানসিক ৰোগৰ উপযুক্ত চিকিৎসা - মানসিক ৰোগৰ উপযুক্ত চিকিৎসা

শাৰীৰিক ব্যায়াম হ'ল দীৰ্ঘম্যাদী ঔষধ ৷ প্ৰাকৃতিক উপায়েৰে কোনো ঔষধ গ্ৰহণ নকৰাকৈয়ে সম্ভৱ মানসিক স্বাস্থ্য আৰু মনোযোগ সম্বন্ধীয় ভিন্ন ৰোগৰ চিকিৎসা ৷

শাৰীৰিক ব্যায়াম মানসিক ৰোগৰ উপযুক্ত চিকিৎসা

By

Published : May 27, 2019, 8:00 PM IST

নিউজ ডেস্ক, 27 মে': আমি সকলোৱে জানো শৰীৰ,মগজু ভালে থাকিলেহে মন ভালে থাকে ৷ শৰীৰ ভালে থাকিবলৈ হ'লে নিতৌ শাৰীৰিক ব্যায়াম কৰাটো আমাৰ বাবে অতি আৱশ্যক ৷ কিয়নো শাৰীৰিক ব্যায়ামে আমাৰ শৰীৰ সুস্থ কৰি ৰখাত বিশেষভাৱে সহায় আগবঢ়ায় ৷ শেহতীয়াকৈ এক অধ্যয়নত প্ৰকাশ পাইছে শাৰীৰিক ব্যায়ামৰ আন এক বিশেষত্ব ৷

শাৰীৰিক ব্যায়াম মানসিক ৰোগৰ উপযুক্ত চিকিৎসা

প্ৰাকৃতিক উপায়েৰে কোনো ঔষধ গ্ৰহণ নকৰাকৈয়ে সম্ভৱ মানসিক স্বাস্থ্য আৰু মনোযোগ সম্বন্ধীয় ভিন্ন ৰোগৰ চিকিৎসা ৷ শাৰীৰিক ব্যায়ামৰ জৰিয়তেই মানসিক স্বাস্থ্য আৰু মনোযোগ সম্বন্ধীয় ভিন্ন ৰোগৰ পৰা আদি কৰি খং, চিন্তা, অৱসাদ, আত্মহত্যাকে ধৰি সম্ভৱ ভিন্ন ৰোগৰ চিকিৎসা ৷

সততে আমি যিকোনো ৰোগৰ প্ৰাথমিক চিকিৎসাৰ বাবে গ্ৰহণ কৰো ঔষধ, কিন্তু সেই সময়তে আমি পাহৰি যাওঁ যে, শাৰীৰিক ব্যায়াম হ'ল ইয়াৰ দীৰ্ঘম্যাদী ঔষধ ৷ বেৰমন্ট মেডিকেল চেন্টাৰ বিশ্ববিদ্যালয়ত ডেভিদ টমাচিয়ে প্ৰকাশ কৰে এই তথ্য ৷

শাৰীৰিক ব্যায়ামৰ এই গুণাগুণ নিৰীক্ষণৰ বাবে মনোৰোগ বিশেষজ্ঞ ডেভিদ টমাচিয়ে বেৰমন্ট মেডিকেল চেন্টাৰত 100 গৰাকী লোকৰ বাবে এটি জিম'ৰ ব্যৱস্থা কৰিছিল ৷ য'ত বিনামূলীয়াকৈ প্ৰতিদিনে 60 মিনিটকৈ শাৰীৰিক ব্যায়াম কৰোৱা হয় ৰোগীসকলৰ ৷ এনেদৰেই শাৰীৰিক ব্যায়ামৰ আগমূহুৰ্তত আৰু পাচত ৰোগীসকলৰ স্বাস্থ্যৰ অৱস্থা পৰীক্ষা কৰি লাভ কৰা হৈছিল এই তথ্য ৷

ABOUT THE AUTHOR

...view details