শিশুটিক প্ৰকৃতিৰ সৈতে ওমলিব দিয়ক
প্ৰকৃতিৰ সংগই বৃদ্ধি কৰিব শিশুটিৰ শিক্ষা গ্ৰহণৰ দক্ষতা ৷ প্ৰকৃতিয়ে শিশুৰ মনোযোগ বৃদ্ধি , চাপমুক্ত কৰা, নিয়মানুৱৰ্তিতা বজাই ৰখা, শাৰীৰিক সক্ষমতাৰ লগতে নিজক অনুপ্ৰাণিত কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰে ৷
নিউজ ডেস্ক, 14 মাৰ্চ : যান্ত্ৰিকতাৰ আগ্ৰাসনত আজিৰ শিশুৰ মাজত যেনক্ৰমাৎ হেৰাই গৈছে প্ৰকৃতিৰ সেউজীয়া পৰিৱেশৰ মাজত ধূলি-বালিৰ সৈতে ওমলাৰ মানসিকতা ৷আজিৰ শিশুৱে প্ৰকৃতিৰ সৈতে নহয়,খেল-ধেমালি কৰে মাথো যান্ত্ৰিক সামগ্ৰীৰ সৈতেহে ৷ কিন্তু গৱেষকসকলৰ পৰামৰ্শ-প্ৰকৃতিৰ সৈতে ওমলিবলৈ দিয়ক আপোনাক শিশুটিক ৷ কিয়নো প্ৰকৃতিয়ে সহায় কৰে শিশুৰ শৈক্ষিক ক্ষমতা বৃদ্ধিত ৷ এক গৱেষণাত প্ৰমাণিত হৈছে এই কথা ৷ গৱেষণাত পোৱা তথ্য অনুসৰি প্ৰকৃতিয়ে শিশুৰ মনোযোগ বৃদ্ধি , চাপমুক্ত কৰা, নিয়মানুৱৰ্তিতাবজাই ৰখা, শাৰীৰিক সক্ষমতাৰ লগতে নিজক অনুপ্ৰাণিত কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰে ৷ সেয়েহে এতিয়া প্ৰকৃতিক শিক্ষাৰ এক অপৰিহাৰ্য সমলহিচাপে গ্ৰহণ কৰাৰ সময় আহি পৰিছে বুলি গৱেষণাত উল্লেখ কৰিছেএই গৱেষণা কৰ্মৰমুখ্য গৱেষক মিং কিঅ' এ ৷