নেশ্যনেল ডেস্ক, 15 এপ্ৰিল : পূৰ্বে অধ্যয়নত প্ৰকাশ পাইছিল যে, মেলেৰিয়া প্ৰতিৰোধী ঔষধ হাইড্ৰ'ক্সিক্ল'ৰ'কুইন ব্যৱহাৰ কৰি COVID-19 নিৰাময় কৰিব পৰা যাব ৷ কিন্তু, এই ক্ষেত্ৰত অধ্যয়নৰ বিপৰীত দৃশ্যহে পৰিলক্ষিত হৈছে ৷
বৰ্তমানলৈকে এই ঔষধৰ পৰীক্ষণত প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে যিহেতু ইয়াৰ ফলত জটিল হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে ৷
ব্ৰাজিলৰ Tropical Medicine Foundation য়ে 440 জন কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ ওপৰত এই পৰীক্ষণ চলাইছিল ৷ ইয়াৰ পাচতে ৰোগীকেইজনে দেহত বিষ অনুভৱ কৰাৰ লগতে অন্য লক্ষণ দেখুওৱা আৰম্ভ কৰিছিল ৷
এই পৰীক্ষণৰ জৰিয়তে HIV ৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হাইড্ৰ'ক্সিক্ল'ৰ'কুইন COVID-19 আৰোগ্য কৰিবৰ বাবেও ব্যৱহাৰ কৰিব পৰা যাব বুলিও কিছু তথ্য প্ৰকাশ ৷
হাইড্ৰ'ক্সিক্ল'ৰ'কুইনৰ পাৰ্শ্চক্ৰিয়া -
*চাল ফটা
*দৃষ্টি শক্তি হ্ৰাস পোৱা
*কাঁহ
*প্ৰস্ৰাৱৰ ৰং সলনি হোৱা
*ডায়েৰিয়া
*উশাহত কষ্ট
*ঠাণ্ডা অথবা ঠাণ্ডা নলগাকৈ জ্বৰ হোৱা
*ভাগৰ অথবা দূৰ্বলতা অনুভৱ কৰা
*মূৰৰ বিষ
*চকু ৰঙা পৰা
*ঘাঁ, মুখ আৰু ওঠত বগা দাগ
*ডিঙি, হাত আৰু ভৰিৰ চাল-চলন কৰিবলৈ কষ্ট অনুভৱ
লক্ষণ -