অসম

assam

ETV Bharat / lifestyle

গৰ্ভাৱস্থাত আৰু শৈশৱ কালত ধূমপান কৰিলে বৃদ্ধি হ'ব পাৰে শৰীৰৰ ওজন

গৱেষণাত শিশুটোৰ অতিৰিক্ত ওজন বৃদ্ধি আৰু শকত হোৱাৰ কাৰণ নিৰ্ধাৰণৰ বাবে স্থূলত্বৰ স্থিতি,বডী মাছ ইনডেক্স (বিএমআই),কঁকালৰ পৰিধি,ছালৰ ঘনত্ব আৰু শৰীৰৰ চৰ্বি ব্যৱহাৰ কৰা হৈছিল ।

By

Published : Jun 29, 2020, 9:36 AM IST

Exposure to air pollution, smoking may lead to childhood obesity: Study
গৰ্ভাৱস্থাত আৰু শৈশৱ কালত ধূমপান কৰিলে বৃদ্ধি হ'ব পাৰে শৰীৰৰ ওজন

নতুন দিল্লী, 29 জুন : গৰ্ভাৱস্থাত আৰু শৈশৱ কালত ধূমপান কৰিলে,ইয়াৰ পৰা নিৰ্গত ধুৱাই দূষিত পৰিৱেশৰ লগত মিলিত হৈ শিশুটোৰ অত্যাধিক ওজন বৃদ্ধি কৰিব পৰা পৰিৱেশৰ সৃষ্টি কৰে ৷ শেহতীয়াকৈ এক গৱেষণাত প্ৰকাশ পাইছে এই কথা ৷

গৱেষণাত শিশুটোৰ অতিৰিক্ত ওজন বৃদ্ধি আৰু শকত হোৱাৰ কাৰণ নিৰ্ধাৰণৰ বাবে স্থূলত্বৰ স্থিতি,বডী মাছ ইনডেক্স (বিএমআই), কঁকালৰ পৰিধি,ছালৰ ঘনত্ব আৰু শৰীৰৰ চৰ্বি ব্যৱহাৰ কৰা হৈছিল । গৰ্ভাৱস্থাত মাতৃ আৰু শিশুটোৰ ৰক্ত ​আৰু মূত্ৰৰ নমুনাও ইয়াৰ বাবে সংগ্ৰহ কৰা হৈছিল ৷

এই গৱেষণাত বায়ু প্ৰদূষণ,সেউজীয়া পৰিৱেশ,ধূমপান,পৰিৱেশ নিৰ্মানণ কৰাৰ লগতে ৰাসায়নিক প্ৰদূষণকাৰী পদাৰ্থসহ (জৈৱ প্ৰদূষণ, গধুৰ ধাতু, ফেনাইল আৰু কীটনাশক) 77 গৰাকী গর্ভৱতী মহিলা আৰু 9 টা শিশুৰ মূল্যায়ন কৰা হয় । গৱেষণাত গৰ্ভাৱস্থাত আৰু শৈশৱ কালত ধূমপান কৰিলে, ইয়াৰ পৰা নিৰ্গত ধুৱাই বায়ুমণ্ডলৰ লগত লাগি শিশুটোৰ অত্যাধিক ওজন বৃদ্ধিৰ পৰিৱেশৰ সৃষ্টি কৰে বুলি প্ৰমাণিত হয় ৷

লগতে পঢ়ক : বিশ্বত এক কোটি অতিক্ৰম ক'ৰণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা

ABOUT THE AUTHOR

...view details