অসম

assam

ETV Bharat / lifestyle

বিশ্ব খাদ্য দিৱস : 8 বিধ স্বাস্থ্যকৰ মাজ নিশাৰ খাদ্য

আপোনাৰ বাৰু নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত আকৌ ভোক অনুভৱ হয় নেকি ? কিন্তু আপুনি ওজন বৃদ্ধি পৰিহাৰ কৰিবলৈ এই প্ৰলোভন নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছে ? চিন্তা নকৰিব ! এনে কিছুমান খাদ্য আছে, যি আপুনি মাজনিশাৰ জলপান হিচাপে গ্ৰহণ কৰিব পাৰে আৰু ওজন বৃদ্ধিক লৈ নিশ্চিন্ত থাকিব পাৰে । আহক জানি লওঁ এইসমূহ খাদ্যৰ বিষয়ে...

8-healthy-late-night-snacks-to-binge-on
বিশ্ব খাদ্য দিৱস : 8 টা স্বাস্থ্যকৰ মাজ নিশাৰ জলপান

By

Published : Oct 16, 2021, 12:43 PM IST

নিউজ ডেস্ক, 16 অক্টোবৰ :বহু লোকে বিভিন্ন সময়ত বিভিন্ন কাৰণত নিশা আহাৰৰ পিছতো ভোক অনুভৱ কৰে ৷ ইয়াৰ কাৰণ হ’ব পাৰে কামৰ সময়, অৱসাদ, চিন্তা আৰু যদিহে আপুনি কম পৰিমাণে বা সোনকালে নৈশ আহাৰ গ্ৰহণ কৰে ৷ আপুনি নিশা আহাৰ গ্ৰহণ কৰাৰ পিছত পুনৰ খোৱা উচিত নে অনুচিত আৰু যদি উচিত তেন্তে কেনেধৰণৰ খাদ্য খাব লাগে ইয়াকে লৈ যথেষ্ট বিতৰ্ক হৈ আহিছে ৷ নিশা আহাৰৰ পিছত কেনেধৰণৰ খাদ্য স্বাস্থ্যৰ বাবে অপকাৰী নহয় বাবে আপুনি শকত নহয় এই সন্দৰ্ভত Dietitian আৰু Nutritionist চাকিন মুষ্টানচিৰে কি কয় জানো আহক

বেৰি (Berries)

বেৰি

বেৰিত যথেষ্ট পৰিমাণে ফাইবাৰ থাকে, যিয়ে আপোনাক ভোক অনুভৱ হ’বলৈ নিদিয়ে ৷ ইয়াৰ উপৰিও ইয়াত থকা মেগনেছিয়াম আৰু মিনাৰেলছে স্নায়ুক আৰাম প্ৰদান কৰাৰ লগতে মাংসপেশীৰ সঞ্চালনত সহায় কৰে ৷

পিনাট বাটাৰ চেণ্ডউইছ (Peanut butter Sandwich)

পিনাট বাটাৰ চেণ্ডউইছ

পিনাট বাটাৰত থকা ট্ৰিপ্ট’ফেনে মগজুত মেলাটোনিনলৈ ৰূপান্তৰিত কৰে যিয়ে টোপনি অহাত সহায় কৰে ৷ ট্ৰিপ্টোফেন মগজুৰ বাবে অধিক উপলব্ধ কৰাৰ বাবে ব্ৰেডৰ দৰে কাৰ্বহাইড্ৰেটৰ প্ৰয়োজন । সেয়েহে পিনাট বাটাৰ ব্ৰেড হৈছে টোপনিৰ আগৰ জলপানৰ বাবে সঠিক খাদ্য আৰু লগতে পুষ্টিকৰ ৷

হোল গ্ৰেইন ক্ৰেকাৰ (Whole-grain crackers)

হোল গ্ৰেইন ক্ৰেকাৰ

নিশা যেতিয়া কিবা সুস্বাদু আৰু চটপটা খাবলৈ মন যায় তেতিয়া এয়া কামত আহিব পাৰে ৷ overeating নহ’বলৈ ধ্যান ৰাখিব ক্ৰেকাৰসমূহ যাতে নিমখীয়া নহয় ৷

গাজৰ আৰু হামুচ (hummus)

গাজৰ আৰু হামুচ

যদি আপুনি কিবা চটপটা আৰু কম কেলৰিযুক্ত খাদ্য খাবলৈ বিচাৰে, তেন্তে হামুচৰ (hummus) সৈতে সতেজ গাজৰ উত্তম খাদ্য ৷

পপকৰ্ণ

পপকৰ্ণ

পপকৰ্ণ এই খাদ্যৰ তালিকাত ৰাখিব পাৰে ৷ ই হাই ফাইবাৰযুক্ত জলপান, যি আপোনাক বহু দীঘলীয়া সময়ৰ বাবে ভোক অনুভৱ হ’বলৈ নিদিয়ে ৷ পপকৰ্ণৰ সৈতে বাটাৰ আৰু নিমখৰ সলনি অলিভ অইল আৰু green herbs ব্যৱহাৰ কৰক ৷

বাদাম (Nuts)

বাদাম

walnuts, almond আদিত প্ৰাকৃতিক মেলাটনিন, প্ৰ’টিন আৰু মেগনেছিয়াম থাকে ৷ সামান্য মুঠি বাদামে ভোক পূৰণ কৰিব আৰু টোপনি আনিব ।

ভজা বুট (Roasted Grams)

ভজা বুট

ৰোষ্টেড গ্ৰামছ (Roasted Grams) হৈছে এক চটপটা, পুষ্টি-ঘন, কম কেলৰিযুক্ত জলপান, য'ত প্ৰ'টিন, আঁহ, ভিটামিন আৰু খনিজ পদাৰ্থ অধিক থাকে ৷ যি ইয়াক আলু চিপছৰ দৰে নিমখীয়া লঘু আহাৰৰ এক স্বাস্থ্যকৰ বিকল্প কৰি তোলে ।

কম চৰ্বিযুক্ত হালধি দিয়া গাখীৰ (Low-Fat turmeric Milk)

হালধি দিয়া গাখীৰ

গাখীৰত কেলছিয়াম, ফছফৰাছ, ভিটামিন বি, পটাছিয়াম, ভিটামিন ডি আৰু দৰে নিউট্ৰিয়েণ্ট থাকে ৷ গাখীৰত হালধি মিহলি কৰিলে ই আপোনাৰ শৰীৰক আৰাম প্ৰদান কৰে ৷ তদুপৰি মগজুক শান্ত কৰি ৰাখে আৰু আপোনাক এটি সুখ নিদ্ৰা প্ৰদান কৰে ৷

লগতে পঢ়ক :আপুনি গ্ৰহণ কৰা আটা বা পিঠাগুড়িৰ বিষয়ে জানিবলগীয়া কিছু কথা

ABOUT THE AUTHOR

...view details