হোলী বা ফাকুৱা মানেই হৈছে ভিন্নৰঙী ৰঙৰ সমাহাৰ ৷ হোলী খেলাৰ বাবে বজাৰত সহজে উপলব্ধ হৈ পৰে বিভিন্ন ৰঙৰ ফাকু ৷ পিছে বজাৰত সহজে উপলব্ধ এই ৰঙসমূহত উচ্চ মাত্ৰাত মিহলি কৰা থাকে বিভিন্ন ধৰণৰ কেমিকেল ৷ যিয়ে ক্ষতি কৰিব পাৰে আপোনাৰ ছালৰ ৷ ইয়াৰোপৰি হোলী খেলি থকা সময়তে আমি অপৰিস্কাৰভাৱে গ্ৰহণ কৰো মিঠাই আদিৰ দৰে খাদ্য ৷ সেয়ে ফাকুৱাৰ আনন্দ উপভোগ কৰাৰ সমান্তৰালকৈ আপোনাৰ ছালখনৰ যত্ন লোৱাতোও সমানে প্ৰয়োজনীয় ৷ আপোনাৰ ছালখন সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত 5টাকৈ টিপছ অথবা ঘৰুৱা যতন আগবঢ়োৱা হৈছে, যিয়ে আপোনাৰ ছালৰ সুৰক্ষা প্ৰদানত সহায় কৰিব ৷ তদুপৰি ইয়াৰ বাবে আৱশ্যকীয় উপাদানসমূহো আপোনাৰ পাকঘৰত সহজে উপলব্ধ ৷
দৈ (Yoghurt)
দৈ অন্ত্ৰ আৰু ছালৰ বাবে সৰ্বশ্ৰেষ্ঠ । ই লেক্টিক এচিডেৰে ভৰপূৰ, যিয়ে মৃত ছালৰ কোষবোৰ আঁতৰ কৰি নতুন কোষ গঠনত সহায় কৰে ৷ ই এক প্ৰাকৃতিক এক্সফলিয়েটৰ হিচাপে কাম কৰে, যি আপোনাৰ ছালত থকা দাগৰ লগতে ব্রণ আৰু শালমইনাৰ সমস্যা হ্ৰাস কৰি ছালখন উজ্জ্বল কৰি ৰখাত সহায় কৰে ৷ হোলী খেলাৰ পিছত আপোনাৰ মুখ আৰু ডিঙিত দৈ ব্যৱহাৰ কৰি লাহে লাহে বৃত্তাকাৰ গতিত মালিচ কৰক । মিশ্ৰণটো 10-15 মিনিটৰ বাবে ব্যৱহাৰ কৰি কুহুমীয়া পানীৰে ধুই পেলাওক । ইয়ে আপোনাৰ ছালক সঠিক উজ্জ্বলতা প্ৰদানত সহায় কৰে ৷ ফলত আপোনাৰ ছালখনে কোমল আৰু সতেজ অনুভৱ কৰিব ৷
এলোভেৰা (Aloe Vera)
এলোভেৰাক সদায়ে ছালৰ উপযোগী সামগ্ৰী হিচাপে গণ্য কৰা হয় ৷ প্ৰতিদিনে ছালত এলোভেৰা প্ৰয়োগ কৰাৰ ফলত শালমইনা, ছালত পৰা দাগ, শুকান ছাল আদিৰ দৰে সমস্যাসমূহ আঁতৰি ছালখন সতেজ হৈ পৰাত সহায় কৰে ৷ ই আপোনাৰ ছালক হাইড্ৰেটেড আৰু ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থসমূহৰ পৰা সুৰক্ষিত কৰি ৰাখে । ফাকুৱা খেলাৰ পিছত ছালখন স্বাভাৱিকতে শুকান হৈ পৰে ৷ সেয়ে ছালত এলোভেৰা জেল ব্যৱহাৰ কৰিলে ই মইশ্বৰাইজাৰৰ কাম কৰে আৰু ছালক মসৃণ কৰি তোলে ৷ মূলতঃ এলোভেৰা জেলে প্ৰখৰ ৰ’দৰ পৰা ছালত হ’ব পৰা ক্ষতি বিশেষকৈ ছানবাৰ্ণ হোৱাৰ পৰা ছালক সুৰক্ষা প্ৰদান কৰে ৷
বিলাহী (Tomato)