নিউজ ডেস্ক,30 ডিচেম্বৰ: 2021 বৰ্ষৰ পৰা কেইবাটাও এণ্ডৰইড আৰু iOS ফোনত উপলব্ধ নহ’ব হোৱাটচ এপ সেৱা ৷ আগন্তুক বৰ্ষৰ পৰা হোৱাটচ এপে OSৰ পুৰণি সংস্কৰণৰ পৰা নিজৰ সমৰ্থন উঠাই ল’ব ৷ হোৱাটচ এপৰ FAQ বিভাগত থকা তথ্য অনুসৰি 2021 বৰ্ষৰ পৰা এণ্ডৰইড 4.0.3 অপাৰেটিং চিষ্টেম আৰু তাতকৈ নতুন ব্যৱস্থা থকা ফোনসমূহৰ লগতে iOS 9 থকা iPhone সমূহ আৰু তাতকৈ নতুন চিষ্টেম থকা ফোনতহে হোৱাটচ এপ উপলদ্ধ হ’ব ৷
আগন্তুক কেইটামান দিনৰ ভিতৰতে iPhone 4 পৰ্যন্ত সকলো iPhoneৰ মডেলে হোৱাটচ এপৰ চাপোৰ্ট হেৰুৱাব ৷ ইয়াৰ ভিতৰত আছে iPhone 4S, iPhone 5, iPhone 5S, iPhone 6, iPhone 6S ৷ আনহাতে, এণ্ডৰইড ফোনসমূহৰ ভিতৰত HTC ডিজায়াৰ, মট’ৰ’লা ড্ৰইড ৰেজাৰ, এল.জি. অপ্টিমাছ ব্লেক, চেমছাং গেলেক্সী এছ 2 ৷