অসম

assam

ETV Bharat / lifestyle

সামাজিক মাধ্যম হোৱাটছ এপে সংশোধন কৰিলে গোপনীয়তাৰ নীতি - ইনষ্টাগ্ৰাম

জনপ্ৰিয় সামাজিক মাধ্যম হোৱাটছ এপে ইয়াৰ চৰ্তাৱলী আৰু গোপনীয়তাৰ নীতি সংশোধন কৰিছে ৷ ইয়ে কি বুজায় ? ইয়াৰ দ্বাৰা আমাৰ তথ্যসমূহ সুৰক্ষিত থাকিবনে ? সকলোৰে উৰ্ধত হোৱাটছ এপে কৈছে End to End Encryptionৰ কথা ৷ আমাৰ সকলো কথাবাৰ্তা আৰু ফটোসমূহ সুৰক্ষিত থাকিবনে ? এই সকলোবোৰ বিশ্লেষণ কৰিছে ভাৰতৰ চাইবাৰ সুৰক্ষা সংস্থাৰ মহানিৰ্দেশক তথা চাইবাৰ সুৰক্ষা বিশেষজ্ঞ কৰ্ণেল ইন্দ্ৰজিৎ সিঙে ৷

সামাজিক মাধ্যম হোৱাটছ এপে সংশোধন কৰিলে গোপনীয়তাৰ নীতি
সামাজিক মাধ্যম হোৱাটছ এপে সংশোধন কৰিলে গোপনীয়তাৰ নীতি

By

Published : Jan 6, 2021, 3:44 PM IST

নিউজ ডেস্ক, 6 জানুৱাৰী :বুধবাৰে (6 জানুৱাৰী) ৰাতিপুৱা হোৱাটছ এপ পৰীক্ষা কৰোতে সকলোৰে মোবাইলত এটা পপ-আপ নিৰ্দেশনা আহিছিল আৰু তাত হোৱাটছ এপে ইয়াৰ গোপনীয়তাৰ নীতি সন্দৰ্ভত সংশোধনৰ কথা উল্লেখ কৰিছিল ৷

হোৱাটছ এপৰ এই আপডেটৰ মুখ্য নীতিসমূহ হৈছে :-

  • হোৱাটছএ এপ ছাৰ্ভিচ আৰু তথ্যসমূহ কিদৰে সংশোধন কৰা হ’ব ৷
  • ব্যৱসায়সমূহে কিদৰে ফেচবুকৰ সেৱাসমূহ সংৰক্ষণ কৰিব আৰু তেওঁলোকৰ হোৱাটছ এপ বাৰ্তাসমূহ ব্যৱহাৰ কৰিব ৷
  • হোৱাটছ এপে ফেচবুকৰ সৈতে একেলগে তেওঁলোকৰ প্ৰডাক্টসমূহ একেলগে কিদৰে সংহত কৰিব ৷
  • এইসকলো সংশোধন 8 ফেব্ৰুৱাৰীৰ পৰা প্ৰযোজ্য হ’ব ৷
  • যেতিয়াই এই পপ-আপ নিৰ্দেশনা মানি ল’ব তেতিয়াই ব্যৱহাৰকাৰীৰ বাবে এইসমূহ সংশোধন অহা 8 ফেব্ৰুৱাৰীৰ পৰা প্ৰযোজ্য হ’ব ৷
  • তাৰ পৰৱৰ্তী সময়ৰ পৰাই ব্যৱহাৰীকাৰীয়ে এই সংশোধনসমূহ মানি ল’ব লাগিব ৷
    হোৱাটছ এপৰ নতুন আপডেট

ভাৰতৰ চাইবাৰ সুৰক্ষা সংস্থাৰ মহানিৰ্দেশক তথা চাইবাৰ সুৰক্ষা বিশেষজ্ঞ কৰ্ণেল ইন্দ্ৰজিৎ সিঙৰ মতে এই সংশোধনে আপোনাক ব্যৱহাৰকাৰীৰ পৰিৱৰ্তে হোৱাটছএপৰ এটা সম্পদ হিচাপে ধৰি ল’ব ৷ ইয়াৰ অৰ্থ এইটোৱেই হৈছে যে, ব্যৱহাৰকাৰীয়ে হোৱাটছএপত যিয়ে শ্বেয়াৰ কৰিব সেয়া আৰু গোপনীয় হৈ নাথাকে ৷ যদিও হোৱাটছ এপে "end to end encryption"ৰ কথা কৈছে তথাপিও হোৱাটছ এপত আপোনাৰ তথ্যসমূহ আৰু আগৰদৰে সুৰক্ষিত হৈ নাথাকিব ৷

কৰ্ণেল ইন্দ্ৰজিৎ সিঙে কয় যে, এয়া মাত্ৰ কিছু সময়ৰ কথা, যেতিয়াই আমি হোৱাটছএপৰ পৰা ফেচবুকলৈ যাওঁ, সেই ফেচবুক যিয়ে, আপোনাৰ সকলো ব্যক্তিগত তথ্য ইয়াৰ ব্যৱসায়ৰ বাবে চুৰি কৰি আহিছে ৷ হোৱাটছ এপে এতিয়াৰে পৰা আপোনাৰ তথ্য ইনষ্টাগ্ৰাম আৰু ফেচবুকলৈ লৈ যাব আৰু এতিয়াৰে পৰাই ফেচবুকে আপোনাক আগতকৈয়ো অধিক পৰিমানে নিৰীক্ষণত ৰাখিব ৷ এতিয়াৰে পৰাই সামাজিক মাধ্যমৰ গোপনীয়তা আৰু কোনো গোপনীয় হৈ নাথাকে ৷

লগতে পঢ়ক :দেশৰ প্ৰথমটো ২৪X৭ মোৱাইল নিউজ এপ 'ইটিভি ভাৰত' আপোনাৰ মাজত

ABOUT THE AUTHOR

...view details